অসম

assam

By

Published : Mar 27, 2021, 2:59 PM IST

ETV Bharat / videos

ৰঙাপৰাত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী অজয় তাঁতীৰ ভোটদান সাব্যস্ত

শোণিতপুৰ জিলাৰ ৭৪ নং ৰঙাপৰা বিধানসভা সমষ্টিত অন্যান্য দলৰ প্ৰাৰ্থীসকলৰ লগতে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী অজয় তাঁতীয়ে নিজৰ গণতান্ত্ৰিক ভোটাধিকাৰ সাব্যস্ত কৰে । ৰঙাপৰা সমষ্টিৰ অন্তৰ্গত ধেন্দাই চাহ বাগিচাৰ ধেন্দাই প্ৰাথমিক বিদ্যালয়ৰ ৫ নং ভোটকেন্দ্ৰত ভোটদান সাব্যস্ত কৰি অসম জাতীয় পৰিষদৰ মনোনীত প্ৰাৰ্থী অজয় তাঁতীয়ে তেওঁ জয়ী হোৱাটো নিশ্চিত বুলি দাবী কৰিছে । কংগ্ৰেছ প্ৰাৰ্থী অভিজিৎ হাজৰিকা আৰু বিজেপিৰ প্ৰাৰ্থী কৃষ্ণ কমল তাঁতীয়ে তেজপুৰত ভোটদান সাব্যস্ত কৰা সন্দৰ্ভত সোধা এক প্ৰশ্নত্তোৰত কয় যে, নিৰ্বাচনৰ সময়ত স্থানীয় প্ৰাৰ্থী বুলি কৈ দুয়োগৰাকী প্ৰাৰ্থীয়ে আজি কিয় সমষ্টিৰ বাহিৰত ভোটদান সাব্যস্ত কৰিবলগীয়া হ’ল । উক্ত ভোট কেন্দ্ৰত ৯৭৫ গৰাকী ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব ৷ উল্লেখযোগ্য যে, ৰঙাপৰা বিধানসভা সমষ্টিত ১ লাখ ৫৮ হাজাৰ ৯৭০ গৰাকীয়ে ৭ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব।

ABOUT THE AUTHOR

...view details