অসম

assam

ETV Bharat / sukhibhava

অত্যধিক ঘাম ওলোৱা হ’ব পাৰে এই ৰোগৰ লক্ষণ, ভুলতো নকৰিব আওকাণ - বৃদ্ধ মহিলাৰ অত্যধিক ঘাম ওলোৱাৰ কাৰণ

Causes of Excessive Sweating: অত্যধিক ঘাম ওলোৱা স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে । এয়া হাইপাৰহাইড্ৰ’ছিছ নামৰ এক প্ৰকাৰৰ ৰোগৰ লক্ষণো হ’ব পাৰে । এই বিষয়ে জানো আহক এই প্ৰতিবেদনত . . .

What causes excessive sweating on your body ?
অত্যধিক ঘাম ওলোৱাৰ কাৰণ

By ETV Bharat Assamese Team

Published : Dec 4, 2023, 11:10 AM IST

কোনো কাৰণ নোহোৱাকৈ হঠাতে অত্যধিক ঘাম ওলাবলৈ লয় নেকি ? তেন্তে আওকাণ নকৰিব । অত্যধিক ঘাম ওলোৱাটো গুৰুতৰ ৰোগৰ লক্ষণ হ’ব পাৰে । হাইপাৰহাইড্ৰ’ছিছ (Hyperhidrosis) ৰোগৰ বাবে শৰীৰত স্বাভাৱিক মাত্ৰাতকৈ অধিক ঘাম ওলায় । সাধাৰণতে হাত, ভৰি, বাহুৰ তলত আৰু মুখৰ পৰা বেছি ঘাম ওলায় । হাইপাৰহাইড্ৰ’ছিছ ৰোগত আপোনাৰ শৰীৰৰ ঘামগ্ৰন্থিবোৰ অতিমাত্ৰাত সক্ৰিয় হৈ পৰে । সেয়েহে, কোনো কাৰণ নোহোৱাকৈ অত্যধিক ঘাম ওলাবলৈ আৰম্ভ কৰে । এই বিষয়ে বিতংভাৱে জানো আহক...

কিয় হয় হাইপাৰহাইড্ৰ’ছিছ ?

  • স্নায়ুতন্ত্ৰ সম্পৰ্কীয় কাৰণ - এক গৱেষণাৰ পৰা জানিব পৰা মতে হাইপাৰহাইড্ৰ’ছিছত ঘামগ্ৰন্থি আৰু স্নায়ুতন্ত্ৰৰ মাজত যোগাযোগত সমস্যা হয়, যাৰ ফলত অত্যধিক ঘাম ওলায় ।
  • হৰম’নৰ কাৰণ – থাইৰয়ড, পিটুইটাৰী গ্ৰন্থি আদিৰ লগত জড়িত কিছুমান হৰম’নেও হাইপাৰহাইড্ৰ’ছিছৰ সৃষ্টি কৰে ।
  • বংশগত কাৰণ - যদি পিতৃ-মাতৃ কোনো এগৰাকী এই ৰোগত আক্ৰান্ত, তেন্তে শিশুটিৰ এই ৰোগ হোৱাৰ সম্ভাৱনা থাকে ।
  • আন কাৰণ – মানসিক চাপ, এলাৰ্জী, কিছুমান ঔষধ ইত্যাদিয়েও হাইপাৰহাইড্ৰ’ছিছৰ সৃষ্টি কৰিব পাৰে ।

হাইপাৰহাইড্ৰ’ছিছৰ লক্ষণ কি ?

  • হাত, ভৰি, কপাল আৰু মুখ আদি অংশৰ পৰা অত্যধিক ঘাম ওলোৱা
  • এই ঠাইবোৰত অনবৰতে ঘাম ওলোৱা আৰু আঠাযুক্ত হৈ থাকে
  • মৃদুৰ পৰা মধ্যমীয়া শাৰীৰিক পৰিশ্ৰম কৰিলেও অত্যধিক ঘাম ওলোৱা
  • নিশা শুই থকাৰ সময়তো ঘাম ওলোৱা
  • কাপোৰত ঘামৰ দাগ
  • শাৰীৰিক আৰু মানসিক চাপত অত্যধিক ঘাম ওলোৱা

ইয়াৰ চিকিৎসা জানি লওক

শৰীৰৰ কিছুমান বিশেষ অংশত অতিৰিক্ত ঘাম উৎপন্ন হোৱা এটা অৱস্থা হ’ল হাইপাৰহাইড্ৰ’ছিছ । এই ৰোগৰ কোনো নিৰাময় নাই যদিও জীৱনশৈলীৰ কিছু পৰিৱৰ্তন আৰু ঔষধে লক্ষণ কমোৱাত সহায় কৰিব পাৰে ।

  • ওজন নিয়ন্ত্ৰণ কৰা আৰু ব্যায়াম কৰাটো গুৰুত্বপূৰ্ণ
  • মদ্যপান পৰিহাৰ কৰিব লাগে
  • এন্টিপাৰ্স্পিৰেণ্ট লোচন আৰু এলুমিনিয়াম ক্লৰাইড ঔষধে লক্ষণ কম কৰিব পাৰে
  • বটক্স বেজীও ফলপ্ৰসূ হ’ব পাৰে ।
  • মানসিক চাপ আৰু উদ্বেগ পৰিহাৰ কৰিব লাগে ।
  • পুষ্টিকৰ খাদ্য খাওক, যিবোৰত ভিটামিন প্ৰচুৰ পৰিমাণে থাকে ।
  • সৰ্বোত্তম উপায় হ’ল প্ৰচুৰ পৰিমাণে পানী খোৱা । এনে কৰিলে ঘামৰ বেয়া গোন্ধৰ পৰা হাত সাৰিব পাৰি ৷
  • কপাহেৰে বনোৱা কাপোৰ পিন্ধক যাতে বেছি গৰম অনুভৱ নহয় ।
  • নেমুৰ পানী খাব, যদি নেমুৰ পানীৰ সমস্যা হয় তেন্তে যিমান পাৰি সিমান গ্ৰীণ টি খাব ।

Disclaimer: এই প্ৰতিবেদনত উল্লেখ কৰা পদ্ধতি আৰু পৰামৰ্শ কাৰ্যকৰী কৰাৰ আগতে চিকিৎসক বা আনুষংগিক বিশেষজ্ঞৰ পৰামৰ্শ ল’বলৈ নাপাহৰিব ।

লগতে পঢ়ক:শীতকালত আদা ব্যৱহাৰৰ উপকাৰিতা সমূহ জানে নে ?

For All Latest Updates

ABOUT THE AUTHOR

...view details