অসম

assam

ETV Bharat / sukhibhava

Back Pain: এই কেইটা ভুলৰ বাবেই হ’ব পাৰে কঁকালৰ বিষ; জানি লওক কঁকালৰ বিষৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়

বৰ্তমান সময়ত প্ৰায় মানুহ কঁকালৰ বিষত আক্ৰান্ত হোৱা দেখা যায় (Back Pain) । যাৰ ফলত আমাৰ দৈনন্দিন কাম-কাজত ইয়াৰ প্ৰভাৱ পৰে । সেয়াহে জানি লওক কঁকালৰ বিষৰ কাৰণ আৰু প্ৰতিৰোধৰ ব্যৱস্থা ৷

By

Published : May 14, 2023, 3:59 PM IST

These mistakes can cause back pain, know how to protect yourself from back pain?
কঁকালৰ বিষত ভুগি আছে নেকি ? জানি লওক কাৰণ আৰু প্ৰতিৰোধৰ ব্যৱস্থা

বৰ্তমান যুগত মানুহৰ মাজত কঁকালৰ বিষৰ সমস্যা অতি সাধাৰণ হৈ পৰিছে (Back Pain)। যিহেতু জীৱনশৈলী পূৰ্বতকৈ বহুত বেলেগ হৈ পৰিছে, সেয়েহে কেৱল বৃদ্ধ লোকৰ ক্ষেত্ৰতে নহয়, যুৱক-যুৱতীসকলৰ মাজতো এই সমস্যাটো ক্ৰমান্বয়ে দেখা পোৱা গৈছে (Causes of back pain) । আৰম্ভণিতে এই সমস্যাটোৱে কম আমনি কৰে । যদিও বয়স বৃদ্ধিৰ লগে লগে এই সমস্যাটো আৰু অধিক বাঢ়িবলৈ আৰম্ভ কৰে।

সেইবাবেই সময়মতে চিকিৎসা কৰাটো অতি প্ৰয়োজনীয় (Back pain reasons news)। কঁকালৰ বিষৰ বাবে গোটেই শৰীৰটো আক্ৰান্ত হয় বুলি ক’লেও ভুল নহ’ব । আমাৰ দৈনন্দিন কাম-কাজতো ইয়াৰ প্ৰভাৱ পৰে। এই কাৰণেই কঁকালৰ বিষ কি কাৰণত হয়, সেই কাৰণবোৰৰ বিষয়ে জনাটো অতিকৈ প্ৰয়োজনীয় আৰু এই কাৰণবোৰ আপোনাৰ জীৱনশৈলীৰ লগতে জড়িত (These mistakes can cause back pain) ।

কঁকালৰ বিষৰ কাৰণ

১/ একে অৱস্থাতে বহু সময় বহি থাকিলে কঁকালৰ বিষ হ’ব পাৰে (Back pain Symptoms and causes)। বেছিভাগ মানুহেই ঘণ্টাৰ পিচত ঘণ্টা বহি অফিচৰ কাম কৰে (Common Causes of Back Pain)। কেৱল দুপৰীয়াৰ আহাৰ খাবলৈ বা শৌচাগাৰ কৰিবলৈ হে চকীৰ পৰা উঠে। যদি আপুনিও এনেকৈয়ে কাম কৰে, তেন্তে আপুনিও কঁকালৰ বিষৰ সন্মুখীন হ’ব পাৰে। ইয়াৰ পৰা হাত সাৰিবলৈ সময়ে সময়ে কঁকালটো পোন কৰি বহিব আৰু খোজ কাঢ়ি থাকিব ।

২) ভুলকৈ বহি থাকিলেও কঁকালৰ বিষ হ’ব পাৰে (Back pain relief) । যদি আপুনি টিভি চোৱাৰ সময়ত আৰু ম’বাইল বা লেপটপ ব্যৱহাৰ কৰাৰ সময়ত ভুলকৈ বহি থাকে, তেন্তে ইয়াৰ ফলতো আপোনাৰ কঁকালত বিষ হ’ব পাৰে।

৩) বহু সময়ত কিছুমান মানুহে হঠাতে গধুৰ বস্তু বা পানীৰে ভৰা গধুৰ বাল্টি এটা অকলেই দাঙি লয় । এনে কৰিলে কঁকালত জোকাৰণি হ’ব পাৰে, যাৰ ফলত বিষ হ’ব পাৰে।

৪) যদি ভুল পদ্ধতিৰে ব্যায়াম কৰে, তেন্তে ইয়াৰ ফলতো আপোনাৰ পিঠিত বিষ হ’ব পাৰে (What causes lower back pain)।

কেনেকৈ কঁকালৰ বিষৰ পৰা মুক্তি পাব ? জানি লওক কাৰণ

১) প্ৰথমে কেৰাহীত কিছু বিলাহী ভালদৰে ৰোষ্ট কৰি লওক (Back pain treatment) । তাৰ পিচত চোবাই খাব । যদি আপুনি এই প্ৰতিকাৰ দৈনিক কৰে, তেন্তে কেইদিনমানৰ পিচত ইয়াৰ প্ৰভাৱ দেখিবলৈ আৰম্ভ কৰিব আৰু কঁকালৰ বিষৰ পৰা সকাহ পাব ।

২) গোটা নিমখ কাপোৰ এখনত বান্ধি তাৰে বিষ হোৱা ঠাইখিনিত লগাওক ।

৩) সৰিয়হৰ তেলত অন্ততঃ ৩ৰ পৰা ৪টা নহৰু দিব। তাৰ পিচত গেছত গৰম কৰিব লব । এই গৰম তেলেৰে কঁকাল ভালদৰে মালিচ কৰিব ।

৪) কঁকালৰ বিষৰ পৰা সকাহ পাবলৈ গৰম পানীত নিমখ মিহলাই গা ধুব লাগে ।

লগতে পঢ়ক:Tea in Empty Stomach: আপুনিও পুৱা খালী পেটত চাহ খাই ভাল পায় নেকি ? এনে কৰিলে শৰীৰৰ কেনেধৰণৰ ক্ষতি হ’ব পাৰে জানি লওক

ABOUT THE AUTHOR

...view details