তেজ জমা হ’লে তেজ তৰল পদাৰ্থৰ পৰা জেললৈ পৰিৱৰ্তিত হ’বলৈ আৰম্ভ কৰে, য’ত তেজ জমা হোৱাৰ দৰে দেখা যায় । ইয়াক থ্ৰম্ব’ছিছ বুলিও কোৱা হয় । আঘাত পালে বা কাটিলে তেজ জমা হোৱাটো প্ৰয়োজনীয় কাৰণ ইয়াৰ ফলত শৰীৰৰ পৰা অত্যধিক ৰক্তক্ষৰণ ৰোধ হয়, সেয়ে তেজ গোট মৰাটো স্বাভাৱিকতে ভাল বুলিয়েই গণ্য কৰা হয় ৷ কিন্তু শৰীৰৰ ভিতৰৰ শিৰাত যেতিয়া ই জমা হ’বলৈ আৰম্ভ কৰে তেতিয়া ই বিপদজনক হৈ পৰে । শিৰাত তেজ জমা হোৱাটো অতিকৈ বিপদজনক । ইয়াৰ বাবে হাৰ্ট এটেক আৰু হাৰ্ট ষ্ট্ৰোকৰ সম্ভাৱনাও বৃদ্ধি পায় ৷
তেজ গোট মৰাটো কেতিয়াবা বিপদজনক হ’বও পাৰে ৷ ৰক্ত নলীবোৰত তেজ গোট মৰাৰ বাবে অংগবোৰে পৰ্যাপ্ত তেজ নাপায় ৷ শৰীৰৰ কেতবাৰ অংশত তেজ জমা হ'লে ই আপোনাৰ জীৱনলৈ ভয়াৱহ বিপদ মাতিব পাৰে ৷ আজি এই বিষয়ে সবিশেষ জানো আহক-
হাঁওফাঁও
হাঁওফাঁওত তেজ গোট মৰাৰ ফলত হৃদস্পন্দন দ্ৰুত হোৱাৰ লগতে কাহ মাৰিলে তেজ ওলায় তথা উশাহ লোৱাত অসুবিধা হয় ৷ সেয়েহে, যদি আপোনাৰ এনে কিবা লক্ষণে দেখা দিয়ে, লগে লগে চিকিৎসকৰ পৰামৰ্শ ল’ব ৷ কিয়নো আপোনাৰ সামান্য অৱহেলাই এই ৰোগ বৃদ্ধিত অৰিহণা যোগাব পাৰে ৷
হৃদযন্ত্ৰ
হৃদযন্ত্ৰত তেজ গোট মৰাৰ ফলত আপুনি হাঁওফাঁওত তেজ গোট মৰাৰ দৰে লক্ষণ অনুভৱ কৰিব পাৰে ৷ তদুপৰি আপুনি বুকুৰ বিষ, ওকট-পাকট লগা আৰু বমি অহাও অনুভৱ কৰিব পাৰে ৷