অসম

assam

ETV Bharat / sukhibhava

Daily Horoscope For 5th July: আপোনাৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল (Astrological predictions for the day)৷

By

Published : Jul 5, 2023, 4:00 AM IST

Daily Horoscope For 5th July 2023
আপোনাৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি:আজিৰ দিনটোত মিশ্ৰ ফল পাব । পৰিয়ালৰ লোকৰ সৈতে আলাপ-আলোচনা কৰিব । জেষ্ঠ লোকসকলৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনা কৰিব পাৰে । চৰকাৰী লাভ লাভ পাব পাৰে । অফিচৰ কামত ক’ৰবাত যাবলগীয়া হ’ব পাৰে । কৰ্মক্ষেত্ৰত অধিক দায়িত্ব কান্ধত অহাটোক নুই কৰিব নোৱাৰি । আজি কাম বহুত থাকিব, খুব সম্ভৱ কাম কৰি কৰি বিধ্বস্ত হৈ যাব পাৰে । আপোনাৰ মাতৃয়ে আৰ্থিক লাভ পাব পাৰে ।

বৃষ ৰাশি: আজি আপুনি নতুন কাম হাতত ল’ব পাৰে বা নতুন কোনো উদ্যোগ ল’ব পাৰে । নতুন কোনো কাম সম্পন্ন কৰিব পাৰে । মন্দিৰ দৰ্শনত গ’লে আপোনাৰ মন প্ৰফুল্ল হ’ব, মনত পৰিপূৰ্ণ ভক্তিভাৱ আহিব । দীঘলীয়া যাত্ৰাৰ ইংগিত স্পষ্ট । বহুদূৰত থকা কোনো বন্ধুৰপৰা বহুত ভাল কোনো খবৰ পাব পাৰে । বিদেশ ভ্ৰমণৰ সুযোগ আহিব পাৰে আপোনাৰ ওচৰত । স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখক ।

মিথুন ৰাশি:আজি আপুনি যি কোনো পদক্ষেপ লোৱাৰ আগতে সতৰ্ক হওঁক । কোনো নতুন কাম আৰম্ভ কৰাৰপৰা বিৰত থাকক । আপুনি আজি বিৰক্তি অনুভৱ কৰিব পাৰে, অলপতে আপোনাৰ খং উঠিব পাৰে । এনেকুৱা কোনো কাম নকৰিব বা এনেকুৱা কোনো কথা নক’ব, যাৰ বাবে পিছলৈ আপুনি অনুতপ্ত হ’বলগীয়া হয় । আপুনি যদি বেমাৰত ভুগি আছে তেতিয়া হ’লে যি দৰৱ খাই আছে সেয়াই খাই থাকক বা চাৰ্জাৰী কৰাব পাৰে । কোনো অন্যায়-অনৈতিক কাম নকৰিব । অনাৱশ্যক ব্যয়ৰ পৰা সাৱধান । আপুনি সংবেদনশীলতাৰে আৰু বিনম্ৰতাৰে কথা পাতক । সমস্যা মাতি নানিব । সময়ত ভোজন কৰক । আজি দিনটো বেয়া । প্ৰাৰ্থনা কৰিলে উপকাৰ পাব ।

কৰ্কট ৰাশি: আজি দিনটো আনন্দ-ফুৰ্তি-উলহ মালহেৰে কাটিব। আজি আপোনাৰ বিদেশীসকলৰ সৈতে সাক্ষাত্ হ’ব পাৰে। আনন্দ, মনোৰঞ্জন উপভোগ, নতুন কাপোৰ ক্ৰয়ৰ নামত আপুনি আজি বহুত টকা খৰচ কৰিব পাৰে। প্ৰেমৰ সম্পৰ্ক মধুৰ হ’ব । সুখাদ্য ভোজন, ভাল সংগ, লং ড্ৰাই ইত্যাদিৰ দৰে জাগতিক সুখ উপভোগ কৰাৰ ফলত আজিৰ দিনটো অধিক আনন্দদায়ক হৈ উঠিব । আপোনাৰ সন্মান আৰু জনপ্ৰিয়তা নতুন উচ্চতা লাভ কৰিব । লাভ ভাল হ’ব আৰু স্বাস্থ্যও ভালে থাকিব ।

সিংহ ৰাশি:আজি দিনটো আপোনাৰ মধ্যমীয়া। ঘৰত কোনো সমস্যা নাই আজি। কিন্তু কৰ্মক্ষেত্ৰত আপোনাৰ সহকৰ্মীসকলৰ আচৰণ অলপ বেলেগ হ’ব, তেওঁলোক আপোনাৰ প্ৰতি সহযোগিতাপূৰ্ণ ব্যৱহাৰ নকৰে আজি। কোন কাম কৰাৰ ক্ষেত্ৰত আপোনাৰ সমস্যা হ’ব পাৰে । প্ৰতিযোগীসকলে অধিক সক্ৰিয় হৈ উঠিব আৰু সমস্যাৰ সৃষ্টি কৰিব । ঘৰৰপৰা বেয়া খবৰ পাই আপোনাৰ উদ্বেগ আৰু বাঢ়িব । স্বাস্থ্য একে থাকিব । আপোনাৰ কামৰ প্ৰশংসা নাপাব । বিমৰ্ষ বা বিষণ্ণ নহ’ব। হতাশাৰ চিকাৰ নহ’ব । কাইলৈ নতুন দিন আহিব ।

কন্যা ৰাশি:সন্তান আপোনাৰ দুশ্চিন্তাৰ কাৰণ হ’ব। খোৱালোৱা সাৱধানে কৰিব । পেটৰ গণ্ডগোল হোৱাৰ তীব্ৰ আশঙ্কা আছে । দিনটো পৰিকল্পনা অনুসৰি নচলিব। পূৰ্ব পৰিকল্পনাহীন ব্যয় কৰিবলগীয়া হ’ব পাৰে । বৌদ্ধিক আলোচনাৰপৰা দূৰত থকাৰ চেষ্টা কৰক । অনুমান আৰু বিনিয়োগৰ কাৰণে দিনটো অলুকূল নহয় । প্ৰিয়জনসকলৰ সৈতে সুখৰ মুহূৰ্ত কটাব পাৰে।

তুলা ৰাশি: আজি দিনটো আপুনি মানসিক চাপত থাকিব আৰু অধিক সংবেদশীল হৈ থাকিব। নেতিবাচক চিন্তাই আপোনাক হতাশ কৰি দিব পাৰে । মাতৃ, পত্নী সম্বন্ধীয় কিছু কথা আপোনাৰ উদ্বেগ বঢ়াই দিব পাৰে। যাত্ৰাৰ কাৰণে আজিৰ দিনটো অশুভ । কুৱাঁ, পুখুৰী, নদী ইত্যাদিৰপৰা দূৰত থকাৰ চেষ্টা কৰক। টোপনিৰ ক্ষতি হ’ব, সেয়ে আপুনি এলেহুৱা আৰু নিশকতীয়া ভাৱ অনুভৱ কৰিব পাৰে। পৰিয়াল আৰু সম্পত্তি বিবাদৰপৰা আঁতৰত থাকক ।

বৃশ্চিক ৰাশি: আজি গোটেই দিনটো আপুনি প্ৰাণৱন্ত আৰু উদ্যমী অনুভৱ কৰি থাকিব। নতুন প্ৰকল্প বা কাম হাতত লোৱাৰ ইংগিত আছে। সহকৰ্মী, সহযোগীসকলে সাহায্য আৰু উপকাৰ কৰিব । ঘনিষ্ঠ বন্ধু বা আত্মীয়ক লগ পাব পাৰে । আজি যি কাম হাতত ল’ব সেয়া সফল হ’ব । ভাগ্য আজি আপোনাৰ উপৰত সুপ্ৰসন্ন আৰু তাৰ ফলত আপোনাৰ আৰ্থিক লাভ হ’ব পাৰে । ভাই আৰু ভনীসকলৰ দ্বাৰা উপকৃত হ’ব পাৰে । পৰীক্ষা, প্ৰতিযোগিতাত সফলতা পাব । সৰুসুৰা ভ্ৰমণ হ’ব পাৰে ।

ধনু ৰাশি:আজিৰ দিনটো আন আন দিনৰ দৰেই হ’ব। অনাৱশ্যক ব্যয়ৰ সম্ভাৱনা আছে। দুখ আৰু অনুতাপৰ কাৰণে আপোনাৰ মন বেয়া লাগি থাকিব । পৰিয়ালৰ লোকৰ সৈতে ভুল বুজাবুজিৰ কাৰণে আপোনাৰ দুখ আৰু বাঢ়িব। আপুনি যি প্ৰয়াস পাই কাম কৰিব, সেই অনুসৰি আশানুৰূপ ফল নাপাব। বিভ্ৰান্তি আৰু সিদ্ধান্তহীনতাত ভুগিব । গুৰুত্বপূৰ্ণ বিষয় লৈ কাম আজি নকৰিব, বেলেগ কোনোবা দিনা কৰিলে ভাল হয়। বৈদেশিক বাণিজ্য আৰু যোগাযোগ লাভদায়ক হ’ব।

মকৰ ৰাশি: আজিৰ দিনটো প্ৰাৰ্থনা কৰি আৰম্ভ কৰিলে ভাল লাগি থাকিব আপোনাৰ। আজি আপুনি কোনো ধৰ্মীয় আচাৰ পালন কৰিব পাৰে । আপোনাৰ ঘৰোৱা পৰিৱেশ ইতিবাচক হৈ থাকিব। বন্ধু আৰু প্ৰিয়জনসকলৰপৰা উপহাৰ পাব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰভাৱ সকলো ক্ষেত্ৰত প্ৰবলভাৱে পৰিব । আপোনাৰ কামত আপোনাৰ জেষ্ঠসকল সন্তুষ্ট হ’ব । আজিৰ অনুকূল পৰিস্থিতিৰ সুযোগ লৈ আপুনি নিজৰ কামবোৰ সফলভাৱে সম্পন্ন কৰিব পাৰিব । আজি আপুনি মানসিকভাৱে আৰামত থাকিব ।

কুম্ভ ৰাশি:আৰ্থিক লেনদেনৰ কামত যুক্ত নহ’ব । আজি আপুনি খঙাল আৰু আগ্ৰাসী হৈ থাকিব পাৰে । অনাৱশ্যক ব্যয় এৰাই চলক । আপোনাৰ স্বাস্থ্যৰ সমস্যা হ’ব পাৰে । বিনিয়োগ কৰাৰ আগতে দুনাই ভাবক । আপোনাৰ পৰিকল্পনা আৰু চিন্তাধাৰা অনুসৰি পৰিয়ালৰ লোক আৰু আত্মীয়-স্বজনে হয়তো নচলিব । যিবোৰ বিষয় আপোনাৰ নহয়, সেইবোৰক লৈ চিন্তা কৰিবলৈ নাযাব । স্পষ্টকৈ সকলো কথা চিন্তা কৰি লওঁক । ভুল ধাৰণা আৰু আকস্মিক আবেগক মনত ঠাই নিদিব ।

মীন ৰাশি:বন্ধুৰ সৈতে পৰিকল্পনা কৰা কোনো যাত্ৰা ৰোমাঞ্চকৰ হ’ব । সতীৰ্থ আৰু সহকৰ্মীসকলক সুখী কৰাৰ কাৰণে আপুনি টকা ব্যয় কৰিব পাৰে । সামাজিক কৰ্মৰ প্ৰতি বিশেষ আগ্ৰহ প্ৰকাশ কৰিব । বয়োজ্যোষ্ঠ আৰু জেষ্ঠসকলৰ সৈতে সুপৰিচিত হ’ব পাৰে । আপুনি নতুন মানুহৰ সৈতে চিনাকী হ’ব পাৰে, যাৰ লাভ ভৱিষ্যতত হয়তো পাব । পৰিয়াল আৰু বন্ধুসকলৰ পৰা সু-সংবাদ পাব পাৰে । সন্তানে আপোনাৰ বাবে সৌভাগ্য কঢ়িয়াই আনিব । অপ্ৰত্যাশিত সম্পত্তি লাভ হোৱাৰ ইংগিত আছে । হলিডে/ফান ৰিচৰ্টত ফুৰিবলৈ যাব পাৰে ।

ABOUT THE AUTHOR

...view details