অসম

assam

Daily Horoscope For 2nd November: কেনে যাব আপোনাৰ আজিৰ দিনটো ?

কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল...

By ETV Bharat Assamese Team

Published : Nov 2, 2023, 6:01 AM IST

Published : Nov 2, 2023, 6:01 AM IST

Daily Horoscope For 2nd November 2023
কেনে যাব আপোনাৰ আজিৰ দিনটো ?

মেষ ৰাশি:নিজৰ কথা-বতৰা আৰু আচৰণক নিয়ন্ত্ৰণত ৰাখক । কাৰো ওপৰত ক্ৰোধ নকৰিব । শত্ৰুৰ পৰা সাৱধান । ৰহস্যময় বিষয়ে আপোনাক আকৃষ্ট কৰিব । ভ্ৰমণ এৰাই চলক ৷

বৃষ ৰাশি:আজি দিনটো অনুকূল । আজি আপুনি অতি স্বাস্থ্যবান হৈ থাকিব । শাৰীৰিক অৱস্থা উত্তম থকাৰ লগতে মানসিক অৱস্থাও উত্তম হৈ থাকিব । বন্ধু আৰু পৰিয়ালৰ সৈতে যথেষ্ট সময় কটাব ।

মিথুন ৰাশি:আজিৰ দিনটো আপোনাৰ বাবে অনুকূল । ঘৰৰ পৰিৱেশ আজি শান্ত আৰু আনন্দপূৰ্ণ হৈ থাকিব । আপোনাৰ আজি খৰছ হ’ব কিন্তু কেৱল প্ৰয়োজনতহে । আৰ্থিক লাভৰ সুযোগ আহিব পাৰে । আজি আপুনি সুস্থ-সবল আৰু উদ্যমী হৈ থাকিব আৰু কৰ্মক্ষেত্ৰত সফলতা অৰ্জন কৰিব পাৰে ।

কৰ্কট ৰাশি: আজি আপুনি সামান্য সতৰ্ক হৈ থাকক । শাৰীৰিক আৰু মানসিক অৱস্থাৰ অৱনতি ঘটিব পাৰে । পেটৰ সমস্যাই আপোনাক আমনি কৰিব পাৰে । অপ্ৰত্যাশিত ব্যয়ৰ বাবে সাজু থাকক । প্ৰিয়জনৰ সৈতে বিবাদৰ ফলত সম্পৰ্ক বেয়া হ’ব পাৰে । ভ্ৰমণ এৰাই চলক ।

সিংহ ৰাশি:সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে অনুকূল দিন । পৰিয়ালৰ লোকৰ সৈতে তৰ্ক-বিতৰ্ক হোৱাৰ আশংকা । শাৰীৰিক আৰু মানসিক স্বাস্থ্য ভালে থাকিব । বিভ্ৰান্তিত ভুগিব আৰু নেতিবাচত চিন্তাই আপোনাক আমনি কৰিব পাৰে । সম্পত্তি সম্বন্ধীয় বিষয়ত সাৱধান ।

কন্যা ৰাশি: কোনো কাম হাতত লোৱাৰ পূৰ্বে ভালদৰে চিন্তা কৰিব । বন্ধুসকলৰ সৈতে আনন্দপূৰ্ণ সময় কটাব পাৰে । আজি আপুনি অত্যধিক আৱেগিক হৈ থাকিব । ৰহস্যময় আৰু আধ্যাত্মিক বিষয়ত সফলতা লাভ কৰিব ।

তুলা ৰাশি:আজি আপোনাৰ কোনো কামত মন নবহিব পাৰে । নতুন কাম হাতত লোৱাৰ পৰা বিৰত থাকক । সহকৰ্মীসকলৰ সৈতে স্বাভাৱিক সম্পৰ্ক বৰ্তাই ৰাখক ৷ ভ্ৰমণৰ দিন পিছুৱাই দিয়ক । আৰ্থিক লাভৰ যোগ ৷ স্বাস্থ্যৰ যত্ন লওক ৷

বৃশ্চিক ৰাশি:আজি দিনটো স্বাভাৱিক । আপোনাৰ শৰীৰ-মন তজবজীয়া হৈ থাকিব । পৰিয়ালৰ সৈতে সময় কটালে আনন্দ লাভ কৰিব । আপুনি হয়তো আজি বন্ধু আৰু পৰিয়ালৰ লোকৰপৰা কোনো উপহাৰ লাভ কৰিব ৷ সুসংবাদ পাব পাৰে । ভ্ৰমণ সুখদায়ক হ’ব ।

ধনু ৰাশি:আজি আপুনি সতৰ্ক হৈ থাকক ৷ পৰিয়ালৰ লোকৰ সৈতে আপোনাৰ ভুল বুজাবুজি হ'ব পাৰে । ক্ৰোধক নিয়ন্ত্ৰণত ৰাখক ৷ আজি আপুনি দুৰ্ঘটনাত পৰিব পাৰে বা অসুস্থ হ’ব পাৰে ।

মকৰ ৰাশি:আপুনি সামাজিক কৰ্মৰ দ্বাৰা লাভান্বিত হ’ব । তদুপৰি অন্যান্য আৰু বহুতো ক্ষেত্ৰৰপৰাও আপুনি লাভবান হ’ব । বিবাহ প্ৰাৰ্থীসকলৰ বিবাহৰ যোগ ।

কুম্ভ ৰাশি:আজি আপোনাৰ বাবে এটা অনুকূল দিন । কৰ্মক্ষেত্ৰত পৰিৱেশ ভালেই থাকিব ৷ কৰ্মস্থানত আপোনাৰ ঊৰ্ধ্বতনসকলে সহায়-সহযোগিতা লাভ কৰিব । সাংসাৰিক জীৱনো আনন্দেৰে পৰিপূৰ্ণ হ'ব ।

মীন ৰাশি: দিনটো শুভ । কিন্তু পিছলৈ দুৰ্বল অনুভৱ কৰিব । নিজৰ সন্তানক লৈ চিন্তাত থাকিব পাৰে । ব্যয় বৃদ্ধি হ'ব পাৰে । বিতৰ্কৰ পৰা আঁতৰি থাকক ৷ত

ABOUT THE AUTHOR

...view details