মেষ ৰাশি:দিনটো শুভ । মানসিক আৰু শাৰীৰিকভাৱে আপুনি সুস্থ থাকিব । আজি আপুনি যি কামেই কৰিব, তাতেই সফল হ’ব যেন লাগিছে । আপোনাৰ ঘৰুৱা পৰিৱেশ উলহ-মালহেৰে পৰিপূৰ্ণ হৈ থাকিব । পিতৃ-মাতৃৰপৰা ভাল খবৰ পাব পাৰে । তেওঁলোকৰ দ্বাৰা আজি আপুনি উপকৃতও হ’ব পাৰে । আৰ্থিক লাভৰ যোগ আছে । বন্ধু আৰু প্ৰিয়জনসকলৰ সৈতে বাহিৰত ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰাৰ কাৰণে দিনটো ভাল । তেওঁলোকৰপৰা উপহাৰো পাব পাৰে, যাৰ ফলত আপুনি আনন্দ পাব ।
বৃষ ৰাশি:আজিৰ দিনটো আপোনাৰ কাৰণে ভাল নাযাব পাৰে । সকলো ধৰণৰ দুশ্চিন্তাই আপোনাক আগুৰি ধৰিব । শাৰীৰিক সমস্যাত ভুগিব পাৰে । প্ৰিয়জনৰ সৈতে আপোনাৰ মতানৈক্য হোৱাৰ সম্ভাৱনা আছে । যাৰ ফলত আপোনাৰ ঘৰুৱা পৰিৱেশ প্ৰতিকূল হৈ উঠিব । আজি আপুনি নিজৰ কাম শেষ কৰিব পৰা নোৱাৰা হ’ব । অধিক ব্যয়ৰ যোগ আছে। কঠোৰ পৰিশ্ৰম কৰাৰ পিছতো ভাল ফল নোপোৱাৰ বাবে আপুনি বিষণ্ণ হৈ পৰিব পাৰে । বিশৃংখল পৰিস্থিতিক এৰাই চলিবলৈ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে ভালকৈ ভাবি চিন্তি ল’ব ।
মিথুন ৰাশি: বিভিন্ন ধৰণৰ লাভে আজি আপোনাৰ আনন্দক দুগুণ কৰি তুলিব । পত্নী আৰু সন্তানৰপৰা সু-সংবাদ পাব পাৰে । বন্ধুসকলৰ সৈতে সাক্ষাতৰ পিছত আপুনি বহুত আনন্দ পাব । বিবাহপ্ৰাৰ্থীসকলে আদৰ্শ জীৱনসংগী বা জীৱনসংগিনী পাব ।
কৰ্কট ৰাশি:বৃত্তিধাৰীসকলৰ বাবে আজিৰ দিনটো ফলদায়ক । তেওঁলোকে ঊৰ্ধ্বতনসকলৰপৰা প্ৰচুৰ সহযোগিতা পাব। পদোন্নতিও হ’ব পাৰে । পৰিয়ালৰ লোকৰ সৈতে আপুনি হয়তো গুৰুত্বপূৰ্ণ বিষয়ক লৈ আলোচনা কৰিব । মাতৃৰ স্বাস্থ্যক লৈ আপুনি চিন্তা কৰিব নালাগে । আপুনি সন্মান আৰু ধন অৰ্জন কৰিব । অত্যধিক কাম কৰাৰ ফলত আপুনি অলপ ভাগৰুৱা অনুভৱ কৰিব পাৰে । তথাপি আপোনাৰ স্বাস্থ্যৰ উপৰত ইয়াৰ কোনো প্ৰভাৱ নপৰিব । সাংসাৰিক জীৱন আনন্দময় হৈ থাকিব ।
সিংহ ৰাশি:বন্ধু আৰু পৰিয়ালৰ লোকৰ সৈতে তীৰ্থযাত্ৰাত যোৱাৰ বাবে আজিৰ দিনটো ভাল । আপুনি যদি কোনো কাম কৰিব বুলি ঠিক কৰি লয় আজি, তেতিয়া হ’লে সেই কাম শেষ কৰাৰ কাৰণে আপুনি সকলো চেষ্টাই কৰিব । আজি আপুনি লক্ষ্যস্থিৰ কৰি কোনো কামত আগবাঢ়ি যাব । নিজৰ আগ্ৰাসী মনোভাৱক নিয়ন্ত্ৰণ কৰক । কৰ্মক্ষেত্ৰত কিছু বাধাৰ সন্মূখীন হ’ব পাৰে ।
কন্যা ৰাশি:আজি নিজৰ মুখত লেকাম টানি ৰাখক । নতুন কোনো কাম হাতত লোৱাৰ বাবে আজিৰ দিনটো ভাল নহয় । আজি আপুনি বিৰক্ত হৈ থাকিব, খং উঠি থাকিব আপোনাৰ। পৰিয়ালৰ লোকৰ সৈতে কাজিয়া হোৱাৰ ফলত আপোনাৰ বেয়া লাগি থাকিব। সম্ভৱ হ’লে ভ্ৰমণ এৰাই চলক । যিসকলে আপোনাক আঘাত দিব বিচাৰে, তেওঁলোকৰ পৰা সাৱধানে থাকক ।