অসম

assam

By

Published : Dec 21, 2022, 2:00 PM IST

ETV Bharat / sukhibhava

Covid-19: ক'ভিড মহামাৰীৰ পৰা পৰিব ৰক্ষা, অনুসৰণ কৰক এইসমূহ ঘৰুৱা টিপচ্

চীনত পুনৰ বিধ্বংসী ৰূপ ধাৰণ কৰিছে ক'ৰনা মহামাৰীয়ে । সেয়ে বিশেষজ্ঞই আগবঢ়োৱা এই টিপছ সমূহৰ দ্বাৰা আপুনি নিজকে ৰক্ষা কৰিব পাৰিব ক’ৰোনাৰ মহামাৰীৰ পৰা ।

Covid 19 These home tips will save you from corona epidemic Know what health experts say
ক'ভিড মহামাৰীৰ পৰা পৰিব ৰক্ষা, অনুসৰণ কৰক এইসমূহ ঘৰুৱা টিপচ্

চীনত পুনৰ বিধ্বংসী ৰূপ ধাৰণ কৰিছে ক'ৰনাই(covid 19 new variant)। মহামাৰী বিজ্ঞানী তথা স্বাস্থ্য অৰ্থনীতিবিদ এৰিক ফেইগল-ডিঙে কয় যে, চীনৰ চিকিৎসালয়সমূহত ইজনৰ পিছত আনজন ক'ভিড ৰোগী আহিবলৈ ধৰিছে । তেওঁলোকৰ অনুমান অনুসৰি আগন্তুক ৯০ দিনত চীনৰ ৬০ শতাংশতকৈ অধিক জনসংখ্যা আৰু বিশ্বৰ ১০ শতাংশ জনসংখ্যা ক'ৰনাৰ এই নতুন ভেৰিয়েন্টত আক্ৰান্ত হোৱাৰ খবৰ আহি পৰিছে(covid 19 china latest update)। ইয়াৰ উপৰিও লাখ লাখ মানুহৰ মৃত্যুৰ সম্ভাৱনাও আছে । ভাৰতত Omicronৰ sub-variant কিমান বিপজ্জনক আৰু কোনবোৰ লক্ষণৰ যত্ন ল'ব লাগে জানো আহক-

নতুন ভেৰিয়েন্টৰ লক্ষণ কি কি ?

স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে, Covid 19ৰ Omicron BA.5.2 আৰু BF.7ৰ উপ-ভেৰিয়েন্ট দ্ৰুতগতিত বিয়পি পৰিছে । স্বাস্থ্য বিশেষজ্ঞসকলে ইয়াক বৰ বিপজ্জনক বুলি নাভাবিলেও সাৱধান হ’বলৈ পৰামৰ্শ দিছে(covid 19 home remedy food)। চিকিৎসকৰ মতে, এই ভেৰিয়েন্টৰ দ্বাৰা আক্ৰান্ত ৰোগীয়ে ডিঙিৰ সংক্ৰমণ, শৰীৰৰ বিষ, মৃদু বা অতি উচ্চ জ্বৰ আদি লক্ষণ দেখিবলৈ পোৱা গৈছে ।

এই ঘৰুৱা উপায়েৰে নিজকে সুৰক্ষিত কৰক

দিল্লীৰ জ্যেষ্ঠ চিকিৎসক ডাঃ কমলজিৎ সিং কইন্থে কয় যে, "কৰ’নাৰ ক্ৰমবৰ্ধমান বিপদৰ পৰিপ্ৰেক্ষিতত আমি মাস্ক পৰিধান কৰিবলৈ একেবাৰেই পাহৰিব নালাগে, যদি আপুনি ঘৰৰ পৰা ওলাই যায় তেন্তে নিশ্চিতভাৱে মাস্ক পৰিধান কৰাটো উচিত(covid 19 home remedy research)। ইয়াৰ বাহিৰেও কৰ’না প্ৰতিৰোধৰ ঘৰুৱা প্ৰতিকাৰ হ’ল আপুনি আপোনাৰ খাদ্যাভ্যাসৰ প্ৰতি গুৰুত্ব দিব লাগিব(covid 19 china vaccine)।

চিকিৎসকগৰাকীয়ে এয়েই পৰামৰ্শ দিয়ে যে, আমি খাদ্য তালিকাত পিয়াঁজ, নহৰু আৰু নেমু অন্তৰ্ভুক্ত কৰিব লাগিব । এই এন্টি ভাইৰেল খাদ্যসামগ্ৰীয়ে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব । ডাঃ কমলজিৎ সিং কৈন্থৰ মতে, পৰিষ্কাৰ-পৰিচ্ছন্নতা পালন কৰাৰ পূৰ্বে খাদ্য তালিকাত ভিটামিন C আৰু জিংকৰ পৰিমাণ বৃদ্ধি কৰক । নিজকে হাইড্ৰেটেড কৰি ৰাখক । ইয়াৰ বাহিৰেও যিকোনো বস্তু স্পৰ্শ কৰাৰ পিছত ভালদৰে হাত ধুব লাগে ।

কাঢ়া সেৱন নকৰিব

ডাঃ কমলজিৎ সিং কৈন্থে কৈছে যে, সাধাৰণতে তেওঁ মানুহক কাঢ়া নাখাবলৈ পৰামৰ্শ দিয়ে । তেওঁ কয় যে, কাঢ়া খোৱাৰ পিছত বহু লোকৰ পেট আৰু মুখত ঘা হোৱাৰ অভিযোগ চৰ্চালৈ আহিছে(covid 19 in India)।

লগতে পঢ়ক:Twitter chief Elon Musk: টুইটাৰৰ মুৰব্বী পদৰ পৰা পদত্যাগ কৰিব নেকি ইলন মাস্কে ?

ABOUT THE AUTHOR

...view details