ৰৌতা, ১৪ ডিচেম্বৰ : ৰাজ্যত বৃদ্ধি পাইছে মৰেল পুলিচিঙৰ ঘটনা (Moral Policing in Assam)। একাংশ লোকে আইন হাতত তুলি লৈ বিভিন্ন ধৰণৰ ঘটনাত লিপ্ত হোৱা দেখা যায় । অসমত মৰেল পুলিচিঙৰ দৰে ঘটনাত বহু লোকে ইতিমধ্যে প্ৰাণ হেৰুৱাইছে । আৰক্ষীয়ে এই ধৰণৰ ঘটনা ৰোধৰ বাবে বিভিন্ন পদক্ষেপ লৈছে যদিও এতিয়াও ঠায়ে ঠায়ে মৰেল পুলিচিঙৰ দৰে ঘটনা ঘটিয়ে আছে ।
এইবাৰ ওদালগুৰি জিলাৰ ৰৌতাত মৰেল পুলিচিঙৰ এক ঘটনা সংঘটিত হৈছে । দলবদ্ধ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে এজন যুৱক । সংকটজনক অৱস্থাত মঙলদৈ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে যুৱকজন (One injured in moral policing incident)।
জানিব পৰা মতে ওদালগুৰি জিলাৰ ৰৌতা থানাৰ অন্তৰ্গত দৈগুলা গাঁৱত মঙলবাৰে আবেলি সংঘটিত হয় ঘটনাটো (Moral Policing incident in Rowta)। প্ৰেমৰ সম্পৰ্ক থকাৰ অপৰাধত ৰৌতাৰ পানীখাইতী গাঁৱৰ মুনছেৰ আলী নামৰ যুৱকজনক একাংশ লোকে মৰেল পুলিচগিৰি দেখুৱাই গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰি গুৰুতৰভাৱে আহত কৰাৰ অভিযোগ উঠিছে । দৈগুলা গাঁৱৰ এছাদ আলী, বাবু, মুক্তাৰ, ফকিৰ আদি লোকে যুৱকজনক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰে ভুক্তভোগী যুৱকজনৰ পৰিয়ালে । আহত যুৱকজনক আক্ৰমণকাৰী লোকসকলেই ৰৌতা আদৰ্শ চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে যুৱকজনক থানালৈ পঠিয়াই দিয়ে ।