ওদালগুৰি, 16 আগষ্ট :ওদালগুৰি জিলাৰ অন্তৰ্গত ভেৰগাঁৱত অব্যাহত আছে নিৰ্বাচনী হিংসা। UPPL যোগদান কৰাৰ বাবে ডিমাকুচি থানাৰ অন্তৰ্গত ১ নং ডিমাকুচি গাঁৱৰ নিৰ্তানন্দ মিত্ৰক BPF কৰ্মীয়ে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে নিৰ্তানন্দ মিত্ৰৰ পত্নীয়ে ৷ ইয়াৰোপৰি নিৰ্তানন্দ মিত্ৰই দল বাদ নিদিলে সন্তানক উঠাই লৈ যোৱাৰ ভাবুকি প্ৰদান কৰা বুলি অভিযোগ কৰে পৰিয়ালটোৱে ৷
লগতে পঢ়কঃনিজৰ ব্ৰেণ্ডৰ মাস্ক মুকলি কৰি ট্ৰ'ল হ'ল চলমান খান
নিৰ্তানন্দ মিত্ৰৰ পত্নীৰ ভাষ্য অনুসৰি, শনিবাৰে সন্ধিয়া নিৰ্তানন্দ মিত্ৰৰ ঘৰলৈ আহে BPF ৰ চাৰিজন কৰ্মী ৷ ঘৰৰ ভিতৰত প্ৰৱেশ কৰিয়ে নিৰ্তানন্দক দলত্যাগৰ ভাবুকি দিয়াৰ লগতে প্ৰাণে মাৰাৰ চেষ্টা কৰা বুলি অভিযোগ কৰে পত্নীয়ে । এই ঘটনাত অমৰজিৎ পাল আৰু কৃষ্ণ দেৱনাথ নামৰ দুজন স্থানীয় BPF কৰ্মীৰ সৈতে বাক্সা জিলাৰ আন দুজন বাঙালী সম্পদায়ৰ যুৱক জড়িত বুলিও অভিযোগ কৰে পত্নীয়ে ৷ উল্লেখ্য যে, নিৰ্তানন্দ মিত্ৰই কিছুদিন পূৰ্বে আনুষ্ঠানিকভাৱে UPPL দলত যোগদান কৰিছিল ।
BTAD ত প্ৰাক নিৰ্বাচনী হিংসাঃ ঘৰৰ ভিতৰত সোমাই প্ৰহাৰ UPPL কৰ্মীক
নিৰ্তানন্দ মিত্ৰৰ পত্নীৰ ভাষ্য অনুসৰি, শনিবাৰে সন্ধিয়া নিৰ্তানন্দ মিত্ৰৰ ঘৰলৈ আহে BPF ৰ চাৰিজন কৰ্মী ৷ ঘৰৰ ভিতৰত প্ৰৱেশ কৰিয়ে নিৰ্তানন্দক দলত্যাগৰ ভাবুকি দিয়াৰ লগতে প্ৰাণে মাৰাৰ চেষ্টা কৰা বুলি অভিযোগ কৰে পত্নীয়ে । এই ঘটনাত অমৰজিৎ পাল আৰু কৃষ্ণ দেৱনাথ নামৰ দুজন স্থানীয় BPF কৰ্মীৰ সৈতে বাক্সা জিলাৰ আন দুজন বাঙালী সম্পদায়ৰ যুৱক জড়িত বুলিও অভিযোগ কৰে পত্নীয়ে ৷
ওদালগুৰি
আনহাতে, ডিমাকুছি ওদালগুৰি জিলাৰ ৩২ নং BTC ভেৰগাঁও সমষ্টিৰ অন্তৰ্গত। এইবেলি নিৰ্বাচনত ভেৰগাঁও সমষ্টিৰ পৰা অৱতীৰ্ণ হ'ব BPF দলৰ প্ৰাৰ্থী BTC প্ৰাক্তন উপাধক্ষ্য নেৰচন বড়ো আৰু তেওঁৰ বিপৰীতে UPPL দলৰ প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হ'ব প্ৰাক্তন ছাত্র নেতা তথা সাংবাদিক দাওবৈচা বড়ো । ইতিমধ্যে এই ঘটনাই জিলাখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে।