অসম

assam

ETV Bharat / state

কেতিয়া খুলিব তিনিচুকীয়াৰ তালাপ সাপ্তাহিক বজাৰ ?

কৰ'ণা মহামাৰীৰ বাবে ৰাজ্যত দেখা দিয়া আৰ্থিক সংকটৰ বাবে সমস্যাত পৰিছে ক্ষুদ্ৰ ব্যৱসায়ীসকল ৷ তিনিচুকীয়া জিলাৰ তালাপ সাপ্তাহিক বজাৰ বন্ধ হৈ আছে চলিত বৰ্ষৰ মাৰ্চ মাহৰ পৰা ৷ যাৰ বাবে সমস্যাত পৰিছে অঞ্চলটোৰ ব্যৱসায়ী সকল ৷

tinisukia_sadiya_talap_marketa
তিনিচুকীয়াৰ তালাপ সাপ্তাহিক বজাৰ

By

Published : Sep 15, 2020, 8:01 PM IST

শদিয়া,15 ছেপ্টেম্বৰ:কৰ'ণা মহামাৰীৰ বাবে বিশ্ব তথা দেশত সৃষ্টি হৈছে ভয়ংকৰ আৰ্থিক সমস্যা ৷ লক ডাউনৰ ফলত অসমৰ বিভিন্ন ঠাইৰ লগতে তিনিচুকীয়া জিলাৰ সাধাৰণ জনতা আৰু ক্ষুদ্ৰ ব্যৱসায়ী সকলৰ অৱস্থা শোচনীয় হৈ পৰিছে ৷ চলিত বৰ্ষৰ মাৰ্চ মাহৰ পৰাই বৰ্তমানলৈ চলি থকা লক ডাউনৰ বাবে বন্ধ হৈ পৰিছে ৰাজ্যৰ বজাৰ-সমাৰ ৷ যাৰ বাবে কৃষকসকলৰ উৎপাদিত সামগ্ৰী নষ্ট হোৱাৰ লগতে ব্যৱসায় বাণিজ্যতো ইয়াৰ প্ৰভাৱ বাৰুকৈয়ে পৰা পৰিলক্ষিত হৈছে ৷

তিনিচুকীয়াৰ তালাপ সাপ্তাহিক বজাৰ

তিনিচুকীয়া জিলাৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলেও বহু সমস্যাত পৰিছে লক ডাউনৰ বাবে ৷ লক ডাউনৰ পূৰ্বে জিলাখনৰ তালাপৰ দেওবৰীয়া সাপ্তাহিক বজাৰলৈ প্ৰায় ৭০০শৰো অধিক ক্ষুদ্ৰ ব্যৱসায়ীৰ সমাগম ঘটিছিল ৷ বিশেষকৈ এই সাপ্তাহিক বজাৰলৈ জিলাৰ বিভিন্ন ঠাইৰ পৰা বহু সংখ্যক জনগোষ্ঠীয় মহিলাই থলুৱা খাদ্য সামগ্ৰী,থলুৱা মাছ তথা জৈৱিক সাৰত উৎপন্ন পাচলি লৈ আহিছিল ৷ কিন্তু বৰ্তমান বজাৰখন বন্ধ হৈ পৰাত আৰ্থিক সংকটৰ গৰাহত পৰিছে মহিলাসকল ৷

অন্য এক খবৰৰ বাবে: 2021 চনৰ নিৰ্বাচন হ'ব জাতিৰ অগ্নি পৰীক্ষাঃ বৰষাৰাণী বিষয়া

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি,জিলাখনৰ আন বজাৰ সমুহ প্ৰশাসনে খোলাৰ অনুমতি দিছে যদিও তালাপ সপ্তাহিক বজাৰখন বৰ্তমানেও খুলিবলৈ অনিমতি দিয়া নাই প্ৰশাসনে ৷ এই ক্ষেত্ৰত স্থানীয় বিধায়ক দুৰ্গা ভুমিজে প্ৰশাসনলৈ উথাপন কৰিছে প্ৰশ্ন ৷ বহু ব্যৱসায়ীয়ে বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ লৈ ব্যৱসায় আৰম্ভ কৰিছিল যদিও ঋণ লোৱা টকাসমূহ উভতাই দিব নোৱাৰি মূৰে কঁপালে হাত দিব লগীয়া অৱস্থা হৈছে ব্যবসায়ী সকলৰ ৷ যাৰ বাবে মঙলবাৰে ব্যৱসায়ীসকলে চৰকাৰী নিয়ম মানি ব্যৱসায়িক প্ৰতিষ্ঠান খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ এনে এক সংকটপূৰ্ণ সময়ত দুৰ্ভগীয়া ব্যৱসায়ীসকলৰ চৰকাৰ তথা জিলা প্ৰশাসনলৈ আহ্বান,অতি শীঘ্ৰে ব্যৱসায়ীসকলক সকাহ দিয়াৰ বাবে সাপ্তাহিক বজাৰ সমূহ খুলি দিয়াৰ ব্যবস্থা কৰে যেন ৷

ABOUT THE AUTHOR

...view details