অসম

assam

ETV Bharat / state

DISHA meeting: আঁচনিৰ পুঁজিৰ উচিত ব্যৱহাৰৰ বাবে নিৰ্দেশ ৰামেশ্বৰ তেলীৰ

তিনিচুকীয়া জিলা উন্নয়ন সমন্বয় আৰু নিৰীক্ষণ সমিতিৰ (দিশা) বৈঠক সম্পন্ন । মন্ত্ৰী ৰামেশ্বৰ তেলীৰ উপস্থিতিত বিভিন্ন বিভাগৰ অধীনৰ উন্নয়নমূলক আঁচনিৰ অগ্ৰগতিৰ বিশদভাৱে পৰ্যালোচনা ৷

By

Published : Jul 16, 2023, 1:45 PM IST

minister Rameshwar Teli in Tinsukia DISHA meeting
তিনিচুকীয়া জিলা উন্নয়ন সমন্বয় আৰু নিৰীক্ষণ সমিতিৰ বৈঠক

তিনিচুকীয়া, ১৬ জুলাই: তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত শনিবাৰে জিলা উন্নয়ন সমন্বয় আৰু নিৰীক্ষণ সমিতিৰ (দিশা) বৈঠক অনুষ্ঠিত হয় । পেট্ৰ'লিয়াম, প্ৰাকৃতিক গেছ, শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী তথা ডিব্ৰুগড়ৰ সাংসদ ৰামেশ্বৰ তেলীৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠকত বিধায়ক পোনাকণ বৰুৱা,সুৰেণ ফুকন, ৰূপেশ গোৱালা প্ৰমুখ্যে শদিয়া আৰু মাৰ্ঘেৰিটা সমষ্টিৰ দুয়োগৰাকী বিধায়কৰ প্ৰতিনিধি উপস্থিত থাকে । এই সভাখনত মন্ত্ৰী তেলীয়ে বিভিন্ন বিভাগৰ অধীনত জিলাখনত ৰূপায়িত হৈ থকা উন্নয়নমূলক আঁচনিসমূহৰ কাম-কাজৰ অগ্ৰগতিৰ বিতংভাৱে বুজ লয় ।

জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া গুৰণেইল সিঙে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত ৰূপায়ন হৈ থকা বিভিন্ন আচঁনিৰ অগ্ৰগতি আৰু পঞ্চদশ বিত্ত আয়োগৰ অধীনত পঞ্চায়তসমূহৰ বাবে আবণ্টিত ধন তথা কাম-কাজৰ বিষয়ে ব্য়াখ্য় কৰে । সাংসদ ৰামেশ্বৰ তেলীয়ে চৰকাৰী নীতি-নিৰ্দেশনা আৰু নিয়মসমূহ মানি চলি পুঁজিৰ উচিত ব্যৱহাৰৰ বাবে নিৰ্দেশ দিয়ে । তেওঁ লোকনিৰ্মাণ (পথ) বিভাগৰ দ্বাৰা প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা, এছ অ' পি ডি, আৰ আই ডি এফ আদি আঁচনিৰ অধীনত জিলাৰখনৰ বিভিন্ন ঠাইত হৈ থকা পথ আৰু দলঙৰ নিৰ্মাণ তথা উন্নীতকৰণ সন্দৰ্ভতো বুজ লয় ।

সাংসদগৰাকীয়ে বাট-পথৰ উন্নীতকৰণৰ দিশত বিশেষভাৱে গুৰুত্ব আৰোপ কৰি সময় মতে আঁচনিসমূহৰ সফল ৰূপায়ন সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে । জনস্বাস্থ্য কাৰীকৰি বিভাগৰ অধীনত ৰূপায়ন হৈ থকা জলজীৱন মিছনৰ কামকাজৰ অগ্ৰগতি আৰু স্বচ্ছ ভাৰত মিছন আভিযানৰ কাম-কাজৰ বিষয়েও বৈঠকত বিতংকৈ আলোচনা কৰা হয় । এই বৈঠকত তেওঁ ৰাজহ, কৃষি, শিক্ষা, স্বাস্থ্য, শক্তি, জলসম্পদ, জলসিঞ্চন, পশুপালন, নিয়োগ,সমাজ কল্যাণ, শ্ৰম আদি বিভিন্ন বিভাগৰ কাম-কাজৰ পুংখানুপুংখ ভাৱে পৰ্যালোচনা কৰে । প্ৰতিটো বিভাগকে আধৰুৱা আঁচনি সমূহৰ কাম গুৰুত্ব সহকাৰে সময় মতে সম্পাদন কৰিবলৈ আহ্বান জনায় ।

বিভাগীয় প্ৰতিটো আঁচনিৰ বিষয়ে ৰাইজ মাজত সজাগতা সৃষ্টি কৰিবলৈও নিৰ্দেশ তেওঁ দিয়ে । জিলাখনৰ ৰাইজক কৃষি ক্ষেত্রৰ লগতে মৎস্য পালন, পশুপালন আদি ক্ষেত্রত মনোনিবেশ কৰিবলৈ উৎসাহ যোগাবলৈ সংশ্লিষ্ট বিভাগসমূহক কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আহ্বান জনায় । ইয়াৰ লগতে অনতিপলমে অংগনৱাড়ী কেন্দ্রসমূহত খালি হৈ থকা বিভিন্ন পদৰ লগতে আশাকৰ্মীৰ পদসমূহ তাৎক্ষণিক ভাৱে পূৰণ কৰিবলৈও নিৰ্দেশ দিয়ে । বৈঠকখনত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জিলাখনৰ আটাইকেইটা পৌৰসভাৰ অধীনত ৰূপায়ন হৈ থকা বিভিন্ন আচঁনিৰ কাম-কাজৰ অগ্ৰগতিৰো বুজ লয় । উক্ত বৈঠকত তিনিচুকীয়া জিলাৰ উপায়ুক্ত স্বপ্নীল পাল ,শদিয়া মহকুমাৰ মহকুমাধিপতি মানসজ্যোতি নাথ, জিলাখনৰ আটাইকেইটা ৰাজহচক্ৰৰ চক্ৰ বিষয়াসকল তথা আটাইকেইটা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াসকল আৰু বিভিন্ন উন্নয়নী বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত থাকে ।

লগতে পঢ়ক:Beki river erosion turns serious: কৰাৰকুৰৰ ৰাজ্যিক ঘাইপথত জিঅ’ বেগৰ জৰিয়তে খহনীয়া প্ৰতিৰোধৰ চেষ্টা

ABOUT THE AUTHOR

...view details