অসম

assam

ETV Bharat / state

বিতৰ্কত জ্যেষ্ঠ সাংবাদিক মৃণাল তালুকদাৰঃ ৰাইজে দাহ কৰিলে প্ৰতিকৃতি

জ্যেষ্ঠ সাংবাদিক মৃণাল তালুকদাৰৰ এটা লেখাক লৈ অসন্তুষ্ট হৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে তিনিচুকীয়াৰ ৰঙাগড়াবাসী ৰাইজে ৷ লগতে তেখেতক এনেধৰণৰ মন্তব্যৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে ৰাইজে ৷

By

Published : Dec 22, 2020, 11:06 PM IST

renowned-journalist-mrinal-talukdars-effigy-burns
বিতৰ্কত জ্যেষ্ঠ সাংবাদিক মৃণাল তালুকদাৰ

তিনিচুকীয়া,22 ডিচেম্বৰ:বিতৰ্কত অসমৰ প্ৰতিষ্ঠিত তথা জ্যেষ্ঠ সাংবাদিক মৃণাল তালুকদাৰ ৷ মঙলবাৰে তিনিচুকীয়াৰ নতুন ৰঙাগড়াত উত্তেজিত ৰাইজে দাহ কৰিলে সাংবাদিক গৰাকীৰ প্ৰতিকৃতি ৷ বাঘজানৰ জুইত তিনিচুকীয়াৰ ৰঙাগড়াবাসী ৰাইজ ক্ষতিগ্ৰস্ত হোৱা-নোহোৱা সন্দৰ্ভত সাংবাদিক গৰাকীয়ে প্ৰকাশ কৰা এটা লেখনিক লৈ ক্ষোভিত হৈ পৰিছে ৰঙাগড়াবাসী ৷ লগতে মৃণাল তালুকদাৰৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বাঘজান গাঁও মিলনজ্যোতি যুৱ সংঘৰ সভাপতি সত্যজিত মৰাণে ৷

বিতৰ্কত জ্যেষ্ঠ সাংবাদিক মৃণাল তালুকদাৰঃ ৰাইজে দাহ কৰিলে প্ৰতিকৃতি

উল্লেখ্য যে, যোৱা 20 ডিচেম্বৰ,দেওবাৰে অসমৰ আগশাৰীৰ বাতৰি কাকত "The Assam Tribune" ত বাঘজান কাণ্ডৰ ওপৰত সাংবাদিক গৰাকীৰ এটা প্ৰবন্ধ প্ৰকাশ পাইছিল ৷ য'ত তেওঁ লিখিছিল যে,বাঘজান কাণ্ডৰ ফলত ক্ষতিগ্ৰস্ত হোৱা নতুন ৰঙাগড়াবাসী লোকসকলৰ কোনো ধৰণৰ ক্ষতি হোৱা নাই । যিটো কথা বাঘজান গাঁও মিলনজ্যোতি যুৱ সংঘৰ সভাপতি সত্যজিত মৰাণে জনাইছিল বুলি উল্লেখ কৰিছিল সাংবাদিক গৰাকীয়ে ৷

বিতৰ্কত জ্যেষ্ঠ সাংবাদিক মৃণাল তালুকদাৰৰ প্ৰৱন্ধ

লগতে তেওঁ লিখিছিল যে, যিহেতু নতুন ৰঙাগড়াবাসী লোকসকল বাঘজান BGR-5 নং তৈলখাদৰ পৰা বহু দূৰত, গতিকে তেওঁলোকে কোনো ধৰণৰ ক্ষতিপূৰণ পোৱাৰ যোগ্য নহয় । আচলতে নতুন ৰঙাগড়াবাসী ৰাইজে কিছুদিন শিবিৰত থকাৰ বাবেই ক্ষতিপূৰণ বিচাৰিছে বুলি উল্লেখ কৰিছিল সাংবাদিক মৃণাল তালুকদাৰে ৷ ইয়াৰ পাছতে মঙলবাৰে নতুন ৰঙাগড়াবাসী ৰাইজে ক্ষোভিত হৈ জ্যেষ্ঠ সাংবাদিক মৃণাল তালুকদাৰৰ পুত্তলিকা দাহ কৰে ৷

ঘটনা সন্দৰ্ভত সাংবাদিক মৃণাল তালুকদাৰৰ প্ৰতিক্ৰিয়া

প্ৰতিবাদৰ পাছতে সাংবাদিক মৃণাল তালুকদাৰে ইটিভি ভাৰতৰ সাংবাদিকৰ আগত মত প্ৰকাশ কৰি কয় যে, উক্ত নিবন্ধত বাঘজানৰ ঘটনাৰ ক্ষতিপূৰণ প্ৰদানৰ নীতি সন্দৰ্ভত তেওঁ যি মত আৰু বিশ্লেষণ আগবঢ়াইছে তাত তেওঁ অটল আছে। তেওঁৰ মতে ক্ষতিগ্ৰস্ত সকলক ক্ষতিপূৰণ দিয়াৰ ক্ষেত্ৰত বৈষম্য কৰা হৈছে ৷ কিছু সংখ্যক পৰিয়ালে অধিক ক্ষতিপূৰণ পোৱাৰ প্ৰয়োজন আছিল আৰু একে সময়তে কিছু সংখ্যক পৰিয়ালে বিশ লাখ টকা পৰ্যন্ত ক্ষতিপূৰণ পোৱাৰ কোনো কাৰণ নাছিল ৷

লগতে পঢ়কঃবিটিআৰ পৰিষদীয় চৰকাৰ গঠন সন্দৰ্ভত হাগ্ৰামা মহিলাৰীৰ সংবাদমেল

ABOUT THE AUTHOR

...view details