অসম

assam

ETV Bharat / state

কৃষি আইন বাতিলৰ দাবীৰে তিনিচুকীয়াত অসম গণ সংগ্ৰাম সমিতিৰ প্ৰতিবাদ - ভাৰতীয় সেনা

কৃষি আইন বাতিলৰ দাবীৰে তিনিচুকীয়াত অসম সংগ্ৰাম সমিতিয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ জিলা পুথিভঁৰালৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে সংগঠনটোৱে ।

massive-protest-in-tinsukia
কৃষি আইন বাতিলৰ দাবীৰে তিনিচুকীয়াত অসম সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

By

Published : Dec 9, 2020, 7:42 PM IST

তিনিচুকীয়া, 9 ডিচেম্বৰ :কেন্দ্ৰীয় চৰকাৰে গৃহীত কৰা তিনিখনকৈ কৃষি আইন, নাগৰিকত্ব সংশোধনী আইন, পৰিৱেশ প্ৰভাৱ মূল্যায়ন আইন 2020 বাতিলৰ লগতে MSP ৰ দৰত কৃষকৰ উৎপাদিত শস্য ক্ৰয় কেন্দ্ৰ স্থাপন কৰাৰ দাবীত তিনিচুকীয়াত অসম গণ সংগ্ৰাম সমিতিয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ তিনিচুকীয়া জিলা পুথিভঁৰালৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে সংগঠনটোৱে । লগতে, প্ৰতিবাদকাৰীয়ে কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবী জনায় ৷

প্ৰতিবাদকাৰীৰ মন্তব্য

লগতে পঢ়ক :খুমটাইৰ পথাৰত ধান দোৱাত ব্যস্ত প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈ

প্ৰতিবাদস্থলীত অসম গণ সংগ্ৰাম সমিতিৰ সভাপতি প্ৰশান্ত গগৈয়ে কয় যে, যেতিয়ালৈকে চৰকাৰে কৃষি আইন তিনিখন বাতিল নকৰে তেতিয়ালৈকে তেওঁলোকে ৰাজপথত আন্দোলন কৰি থাকিব । লগতে, দিল্লীত গণতান্ত্ৰিকভাৱে আন্দোলন কৰি থকা কৃষক সকলৰ ওপৰত চৰকাৰ আৰু ভাৰতীয় সেনা তথা প্ৰশাসনক অত্যাচাৰ নকৰিবলৈ দাবী জনায় ।

উক্ত কাৰ্যসূচীৰ সমৰ্থনত কৃষক মুক্তি সংগ্ৰাম সমিতি তিনিচুকীয়া জিলাৰ সভাপতি মানৱ চেতিয়াই কৃষক আৰু কৃষি বিৰোধী আইনৰ ওপৰত বক্তব্য দাঙি ধৰি বিজেপি চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে ।

লগতে পঢ়ক :সোণাৰিত মহিলাক ধৰ্ষণৰ অপচেষ্টা প্ৰাক্তন আটছা নেতাৰ

ABOUT THE AUTHOR

...view details