অসম

assam

ETV Bharat / state

ডিগবৈৰ নাজিৰাটিং গাঁৱত নাহৰফুটুকীৰ সন্ত্ৰাস

নিৰাপত্তাহীনতাত ভোগাৰ অভিযোগ গাঁওবাসীৰ ।

ডিগবৈৰ নাজিৰাটিং গাঁৱত নাহৰফুটুকীৰ সন্ত্ৰাস

By

Published : Jun 20, 2019, 8:28 AM IST

মাৰ্ঘেৰিটা , ২০ জুন :ডিগবৈৰ 2 নং নাজিৰাটিং গাঁৱত বুধবাৰে বিয়লিৰে পৰা এটা নাহৰফুটুকীয়ে সন্ত্ৰাস সৃষ্টি কৰি আহিছে । গাঁও খনত নাহৰফুটুকীটোৰ মুক্ত বিচৰণৰ বাবে এতিয়া আতংকত ভুগিছে গাঁওবাসী ।

ডিগবৈৰ নাজিৰাটিং গাঁৱত নাহৰফুটুকীৰ সন্ত্ৰাস

দীৰ্ঘদিন ধৰি গাঁওখনত মুক্তভাৱে বিচৰণ কৰি ফুৰা নাহৰফুটুকীটোৱে গাঁওবাসীৰ বহু পশুধন নিধন কৰে বুলি জনায় গাঁওবাসীয়ে । বুধবাৰেও নাহৰফুটুকীটোৱে গাঁওখনত প্ৰৱেশ কৰি লক্ষ্মণ ছেত্ৰী নামৰ এজন লোকৰ ঘৰৰ এটা ছাগলী নিধন কৰে । ইপিনে গাঁওবাসীৰ অভিযোগ অনুসৰি ডুমডুমা বন সংমণ্ডলৰ অধীনৰ এই অঞ্চলটোত আজিকোপতি বনবিভাগৰ কোনো কাণসাৰ নাই ।

ABOUT THE AUTHOR

...view details