অসম

assam

By

Published : Dec 3, 2019, 9:45 AM IST

ETV Bharat / state

ডুমডুমাত নতুন ৰূপত গুটখাৰ প্ৰচলন অব্যাহত

পানমাছলাৰ নামত চলিছে নিষিদ্ধ গুটখাৰ ৰমৰমীয়া ব্যৱসায় । ডুমডুমাত বৃহত পৰিমাণৰ পান মছলা জব্দ কৰিলে বীৰ লাচিত সেনাই ।

Lachit Sena seized gutkha pan masala at Dumduma
ডুমডুমাত নতুন ৰূপত গুটখা

ডুমডুমা, 3 ডিচেম্বৰঃৰাজ্য চৰকাৰৰ খাদ্য সুৰক্ষা বিভাগে এবছৰৰ বাবে জাৰি কৰিছে গুটখা বন্ধৰ নিৰ্দেশ ৷ কিন্তু এতিয়াও সম্পূৰ্ণৰূপে বন্ধ হোৱা নাই গুটখাৰ প্ৰচলন ৷ কাগজৰ পেকেজিং কৰি পান মছলা নামেৰে পুনৰ আৰম্ভ হৈছে গুটাখা ৷ সোমবাৰে সন্ধিয়া তিনিচুকীয়া জিলাৰ ডুমডুমাত বীৰ লাচিত সেনাই পানমছলা ভৰ্ত্তি AS-23BC-2306নম্বৰৰ এখন এপে গাড়ী জব্দ কৰাৰ পাছতেই এই তথ্য পোহৰলৈ আহে ৷ গুটখা ভৰ্ত্তি গাড়ীখন জব্দ কৰি আৰক্ষীক গতাই দিয়া হয় ৷ আনহাতে,বীৰ লাচিত সেনাই জব্দ কৰা গুটখা সমূহ মোকলাই নিবলৈ ডুমডুমা আৰক্ষী থানাত উপস্থিত হয় তিনিচুকীয়াৰ কুখ্যাত গুটখা ব্যৱসায়ী জনৈক বৰুৱা ৷

ডুমডুমাত গুটখা জব্দ

উল্লেখ্য যে,দীৰ্ঘদিন ধৰি জিলাখনত তিনিচুকীয়া বৰদলৈ নগৰৰ জনৈক বৰুৱা নামৰ ব্যৱসায়ীজনে গুটখা ব্যৱসায় চলাই থকাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ এই ক্ষেত্ৰত আৰক্ষী তথা জিলাখনৰ উচ্চপদস্থ বিষয়াসকলেও তেখেতক সহায় কৰা বুলিও অভিযোগ ৰাইজৰ ৷

লগতে পঢ়ক- বিক্ৰম লেণ্ডাৰৰ ধংসাৱশেষৰ সম্ভেদ পাইছে নাছাই

ABOUT THE AUTHOR

...view details