অসম

assam

By

Published : May 2, 2019, 3:21 PM IST

ETV Bharat / state

মাৰ্ঘেৰিটাত সাংবাদিকৰ প্ৰতিবাদ

জৰাজীৰ্ণ ৰাষ্ট্ৰীয় পথ অতিশীঘ্ৰে পুনৰ নিৰ্মাণ আৰু মেৰামতিৰ বাবে মোকলাই দিয়া ধনৰ দুৰ্নীতিৰ তদন্তৰ দাবীত সাংবাদিকে এই প্ৰতিবাদ সাব্যস্ত কৰে ৷

মাৰ্ঘেৰিটাত সাংবাদিকৰ প্ৰতিবাদ

মাৰ্ঘেৰিটা , 02 মে' : মাৰ্ঘেৰিটাৰ পাৱৈৰ পৰা লিডু লৈকে 38 নং ৰাষ্টীয় ঘাই পথটোৱে ভয়াবহ ৰূপ ধাৰণ কৰিছে ৷ পথটো পুনৰ নিৰ্মাণ আৰু পথ মেৰামতিৰ বাবে মোকলাই দিয়া ধনৰ দুৰ্নীতিৰ তদন্তৰ দাবীত মাৰ্ঘেৰিটা সাংবাদিক সংস্থাই এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিল ৷ স্মাৰক পত্ৰখনত 72 ঘন্টাৰ ভিতৰত এই সন্দৰ্ভত চৰকাৰৰ স্থিতি স্পষ্ট কৰিবলৈ দাবী জনোৱা সাংবাদিক সংস্থাই চৰকাৰ তৰফৰ পৰা কোনো নিশ্চয়তা নাপায় বুধবাৰে তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ৷

মাৰ্ঘেৰিটাত সাংবাদিকৰ প্ৰতিবাদ

বৰষুণ দিয়াৰ লগে লগে মৰণফাণ্ডলৈ পৰিণত হোৱা এই পথটোত বিগত তিনিবছৰে বিভিন্ন অংশত দ দ গাঁত সৃষ্টি হৈছে ৷ শেহতীয়াকৈ ৰাইজক সাময়িক সকাহ দিবলৈ পথৰ জৰাজীৰ্ণ অংশ মেৰামতিৰ বাবে গড়কাপ্তানী বিভাগে প্ৰায় 60 লক্ষ টকা মোকলাই দিছিল ৷ কিন্তু ঠিকাদাৰে নামমাত্ৰ কাম কৰিয়ে সিংহভাগ ধন উদৰস্ত কৰা বূলি অভিযোগ উত্থাপিত হৈছে ৷ মাৰ্ঘেৰিটা সাংবাদিক সংস্থাই 24 এপ্ৰিলত মাৰ্ঘেৰিটা মহকুমাধিপতিৰ জড়িয়তে অতিশীঘ্ৰে ৰাষ্টীয় পথটো পুনৰ নিৰ্মাণ আৰু মেৰামতিৰ বাবে মোকলাই দিয়া ধনৰ দুৰ্নীতিৰ তদন্ত কৰি দোষীৰ ওপৰত আইনগত ব্যৱস্থা লবলৈ দাবী জনাই এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিল ৷ আৰু এই সন্দৰ্ভত 72 ঘন্টাৰ ভিতৰত চৰকাৰৰ স্থিতি স্পষ্ট কৰিবলৈ দাবী জনাইছিল ৷ ইপিনে 26 এপ্ৰিলত স্থানীয় বিধায়ক শ্ৰীযুত ভাস্কৰ শৰ্মাৰ স'তে সাংবাদিক সংস্থাৰ প্ৰতিনিধি দলে এই সন্দৰ্ভত এক আলোচনাত মিলিত হৈছিল ৷ কিন্তু তেওঁ বাৰিষাৰ পূৰ্বে পথটো নিৰ্মাণ কৰাৰ নিশ্চয়তা প্ৰদান কৰিব নোৱাৰিলে ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত আজি বৰগোলাই তিনিআলিত মাৰ্ঘেৰিটা সাংবাদিক সংস্থাই তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি ৰাজহুৱা স্বাৰ্থজনিত সমস্যা সমাধানৰ দাবী উত্থাপন কৰে ৷

ABOUT THE AUTHOR

...view details