তিনিচুকীয়া,২২ নৱেম্বৰ :তিনিচুকীয়া জিলাৰ ফিল'বাৰীত বাঘৰ আতংকই নিদ্ৰা কাঢ়িছে সৰ্বসাধাৰণ ৰাইজৰ ৷ ফিল'বাৰীৰ চিকৰাজান, ৰহবাৰী, হেমবাৰী, দহ নং বস্তি আদিত দিনে-নিশাই বাঘে কৰিছে মুক্ত বিচৰণ ৷ গোহালিৰ পৰাই লৈ গৈছে গৰু, চোতালৰ পৰাই লৈ গৈছে ছাগলী আদিকে ধৰি নানা পশুধন ৷ নিৰাপত্তা নোহোৱা হৈছে মানুহৰো ৷ পথচাৰীক আক্ৰমণ কৰাৰ পাছত আতংক আৰু অধিক বৃদ্ধি পাইছে ৷
আতংকিত ৰাইজক ফটকা ফুটাবলৈ কৈয়ে দায়িত্ব সামৰিছে বন বিভাগে ৷ ক্ষোভিত হৈ পৰিছে ৰাইজ ৷ সন্ধিয়া হ'লেই চৌদিশে এতিয়া বাঘৰ ভয় ৷ বাঘৰ ভয়ত সন্ধিয়া হোৱা লগে লগেই সকলো ব্যক্তিয়েই আৱদ্ধ হ'বলগীয়া হয় ঘৰৰ ভিতৰত। সন্ধিয়া হোৱা লগে লগেই সমগ্ৰ অঞ্চলটোত মুক্তভাৱে বাঘে বিচৰণ কৰি ফুৰে । কেৱল ইমানেই নহয় দিনৰ ভাগতেই বিদ্যালয়লৈ অহা-যোৱা ছাত্ৰ-ছাত্ৰীক যিকোনো সময়তেই বাঘে আক্ৰমণ কৰাৰ ভয়ত অভিভাৱকসকলে নিজৰ সন্তানক বিদ্যালয়লৈ পঠাবলৈ চিন্তিত হৈ পৰিছে ।