তিনিচুকীয়া,16 মাৰ্চ:মঙলবাৰে বিজেপিৰ তিনিচুকীয়া সমষ্টিৰ প্ৰাৰ্থী সঞ্জয় কিষাণৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ তিনিচুকীয়াত উপস্থিত হয় উত্তৰ-পূৱ দিল্লীৰ বিজেপি সাংসদ মনোজ তিৱাৰী । তিনিচুকীয়াৰ আইটিআই খেলপথাৰত হেলিকপ্তাৰেৰে আহি উপস্থিত তিৱাৰী ৷ ইয়াৰ পাচতে সংবাদ মাধ্যমৰ আগত আকৌ এবাৰ সঞ্জয় কিষাণৰ বাবে ৰাইজৰ ভোট বিচাৰি অহা বুলি মন্তব্য প্ৰকাশ কৰে বিজেপিৰ সাংসদ গৰাকীয়ে ৷
'যেতিয়াই আহোঁ তিনিচুকীয়াবাসীয়ে হিয়া উজাৰি মৰম দিয়ে । গতিকে আকৌ অসমত বিজেপি চৰকাৰ অহাটো নিশ্চিত' বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰে হাই প্ৰফাইল বিজেপিৰ নেতাগৰাকীয়ে ৷