অসম

assam

ETV Bharat / state

শদিয়াৰ ড৹ ভূপেন হাজৰিকা সেঁতুৰ তলত বিজেপিৰ বুথ সন্মিলন

শনিবাৰে তিনিচুকীয়া জিলাৰ শদিয়া সমষ্টিৰ ড৹ ভূপেন হাজৰিকা সেতুৰ তলত অনুষ্ঠিত কৰা হয় বিজেপিৰ বুথ সন্মিলন আৰু প্ৰীতিভোজ ৷ সহস্ৰাধিক বিজেপি কৰ্মী উপস্থিত থকা উক্ত অনুষ্ঠানত পৰ্যটন বিভাগৰ অধ্যক্ষ জয়ন্তমল্ল বৰুৱাই "কা"ৰ বিৰুদ্ধে হৈ থকা প্ৰতিবাদসমূহক তীব্ৰ সমালোচনা কৰে ৷

By

Published : Jan 20, 2020, 6:11 PM IST

BJP Booth Meet at Sadiya
শদিয়াৰ ড৹ ভূপেন হাজৰিকা সেঁতুৰ তলত বিজেপিৰ বুথ সন্মিলন

শদিয়া,20 জানুৱাৰীঃৰাজ্যত অব্যাহত নাগৰিকত্ব সংশোধনী আইন বিৰোধী বিভিন্ন প্ৰতিবাদৰ মাদজতেই শাসনাধীস্থ বিজেপি চৰকাৰখনেও আয়োজন কৰিছে বিভিন্ন সভাৰ ৷ শনিবাৰে তিনিচুকীয়া জিলাৰ শদিয়া সমষ্টিৰ ড৹ ভূপেন হাজৰিকা সেঁতুৰ তলত অনুষ্ঠিত কৰা হয় বিজেপিৰ বুথ সন্মিলন আৰু প্ৰীতিভোজ ৷ সহস্ৰাধিক বিজেপি কৰ্মী উপস্থিত থকা উক্ত অনুষ্ঠানত পৰ্যটন বিভাগৰ অধ্যক্ষ জয়ন্তমল্ল বৰুৱাই "কা"ৰ বিৰুদ্ধে হৈ থকা প্ৰতিবাদসমূহক তীব্ৰ সমালোচনা কৰে ৷ কংগ্ৰেছৰ প্ৰৰোচনাত সমগ্ৰ অসমতে আন্দোলন হৈ থকা বুলি ক্ষোভ ব্যক্ত কৰাৰ লগতে ড৹ ভূপেন হাজৰিকা সেঁতুক পৰ্যটনৰ কেন্দ্ৰবিন্দু কৰি তোলাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও ব্যক্ত কৰে জয়ন্তমল্ল বৰুৱাই ৷ উক্ত সন্মিলনত উপস্থিত থাকে সাংসদ প্ৰদান বৰুৱা ,বিধায়ক বলিন চেতিয়াৰ লগতে তিনিচুকীয়া জিলা পৰিষদৰ সভাপতি ললিত মৰাণ ৷ উল্লেখ্য যে, সভাস্থলীলৈ যোৱাৰ পথতে বিজেপিৰ নেতাসকলক আছুৱে ৰাজপথত ক’লা পতাকা দেখুৱাই প্ৰতিবাদ সাব্যস্ত কৰে ৷

বিজেপিৰ বুথ সন্মিলন

ABOUT THE AUTHOR

...view details