অসম

assam

By

Published : Feb 1, 2021, 8:43 PM IST

ETV Bharat / state

মাৰ্ঘেৰিটাত মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ আছুৰ

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সোমবাৰে প্ৰতিবাদ সাব্যস্ত কৰিলে মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে । ৰাজপথতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰে প্ৰতিবাদকাৰীয়ে । শুৱালকুছিত ছাত্ৰ সন্থাৰ প্ৰতিবাদৰ সময়ত আৰক্ষীয়ে প্ৰতিবাদকাৰীক নিৰ্মমভাৱে প্ৰহাৰ কৰাক লৈ চৰকাৰক তীব্ৰ সমালোচনা কৰে আছুৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ সদস্যসকলে ।

মাৰ্ঘেৰিটাত আছুৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ
মাৰ্ঘেৰিটাত আছুৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ

মাৰ্ঘেৰিটা, ১ ফেব্ৰুৱাৰী: শুৱালকুছিত সংঘটিত ঘটনাৰ বিৰোধিতাৰে সোমবাৰে ৰাজ্যজুৰি সদৌ অসম ছাত্ৰ সন্থাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে । মাৰ্ঘেৰিটাতো প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ অৰ্ধ শতাধিক কৰ্মীয়ে । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰাৰ লগতে চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে মাৰ্ঘেৰিটাৰ ৰাজপথ । আনহাতে, প্ৰতিবাদস্থলীত মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতিকৃতি দাহ কৰাৰ সময়তে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হয় । আৰক্ষীয়ে বাধা প্ৰদান কৰাৰ পিছতো প্ৰতিবাদকাৰীয়ে জ্বলাই দিয়ে মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি ।

মাৰ্ঘেৰিটাত আছুৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ

উল্লেখ্য যে, শুৱালকুছিত নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাৰ সদস্যই জোঁৰ সমদল উলিওৱাৰ সময়তে আৰক্ষীয়ে প্ৰতিবাদকাৰীক বাধা দিয়াৰ নামত বৰ্বৰভাৱে প্ৰহাৰ কৰিছিল । এই ঘটনাক লৈ এতিয়া আছুৰ কৰ্মকৰ্তাসকল ক্ষোভিত হৈ পৰিছে আৰু এই ঘটনাৰ বাবে মুখ্যমন্ত্ৰীৰ দায়িত্বত থকা গৃহ বিভাগকে দোষাৰোপ কৰিছে ।

লগতে পঢ়ক:নলবাৰীত এগৰাকী চিকিৎসকৰ মহানুভৱতা

ABOUT THE AUTHOR

...view details