অসম

assam

কেৰালাত আৱদ্ধ অসমৰ যুৱকৰ দলৰ অসম চৰকাৰলৈ কাতৰ অনুৰোধ

অসমলৈ উভতাই নিবৰ বাবে অসম চৰকাৰলৈ অনুৰোধ জনাইছে যুৱকৰ দলটোৱে ৷ নিজ ৰাজ্যলৈ উভতি অহাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে স্বাস্থ্যমন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ কামনা কৰিছে যুৱকৰ দলটোৱে ৷

By

Published : May 16, 2020, 3:34 PM IST

Published : May 16, 2020, 3:34 PM IST

Assamese boys who blocked in Kerela request for help to Assam government
কেৰালাত আৱদ্ধ অসমৰ যুৱকৰ দলৰ অসম চৰকাৰলৈ কাতৰ অনুৰোধ

ডুমডুমা, 16 মে': লক ডাউনৰ বাবে দেশৰ বিভিন্ন প্ৰান্তত হাহাকাৰ অৱস্থাৰ সন্মুখীন হৈছে কৰ্মসূত্ৰে বহিঃৰাজ্যত থকা হাজাৰ হাজাৰ লোক৷ কেৰালাৰ কাছাৰগড় জিলাত আৱদ্ধ হৈ পৰিছে তিনিচুকীয়া জিলাৰ ফিল'বাৰীকে ধৰি বিভিন্ন অঞ্চলৰ 12 জন যুৱকসহ শিৱসাগৰ আৰু ধেমাজী জিলাৰ মুঠ 17 জনকৈ যুৱক ৷ লক ডাউনৰ বাবে সকলো কাম বন্ধ হৈ পৰাত তীব্ৰ সংকটত পৰি উপায়হীন হৈ নিজ ৰাজ্যলৈ উভতি আহিব বিচাৰিছে যুৱকৰ দলটোৱে ৷ উপায়ন্তৰ হৈ তেওঁলোকক অসমলৈ উভতাই নিবৰ বাবে অসম চৰকাৰলৈ অনুৰোধ জনাইছে যুৱকৰ দলটোৱে ৷ নিজ ৰাজ্যলৈ উভতি অহাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে স্বাস্থ্যমন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ কামনা কৰিছে যুৱকৰ দলটোৱে ৷

কেৰালাত আৱদ্ধ অসমৰ যুৱকৰ দলৰ অসম চৰকাৰলৈ কাতৰ অনুৰোধ

উল্লেখ্য যে, কোম্পানীৰ মালিকে দুই মাহৰ দৰমহা নিদিয়াৰ অভিযোগ তোলাৰ লগতে দৰমহা বিচৰাত ঘৰ খালি কৰিবলৈ নিৰ্দেশ দিয়া বুলি জনাইছে অসমৰ এই যুৱকৰ দলটোৱে ৷ বৰ্তমান তীব্ৰ খাদ্য সংকটৰ লগতে অন্যান্য প্ৰয়োজনীয় সামগ্ৰীৰ বাবে সমস্যাত পৰাৰ কথা উল্লেখ কৰিছে যুৱকৰ দলটোৱে ৷

লগতে পঢ়কঃ বটদ্ৰৱাত অবৈধ কয়লাৰ চোৰাং বেহাৰ গুৰুতৰ অভিযোগ

ABOUT THE AUTHOR

...view details