অসম

assam

ETV Bharat / state

কিয় অনুষ্কা শৰ্মাই মনত পেলালে অসমক?

শেহতীয়াকৈ চৰ্চাত তিনিচুকীয়াৰ মাৰ্ঘেৰিটাস্থিত চেইণ্ট মেৰিজ স্কুল ৷ এই বিদ্যালয়খনতে একেলগে পাঠদান কৰিছিল বলীউড তাৰকা অনুষ্কা শৰ্মা আৰু ভাৰতীয় ক্ৰিকেট খেলুৱৈ মহেন্দ্ৰ সিং ধোনীৰ পত্নী সাক্ষী ধোনীয়ে ৷ এই সন্দৰ্ভত ইটিভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন...

anushka-sharma
কিয় অনুষ্কা শৰ্মাই মনত পেলালে অসমক?

By

Published : May 28, 2021, 10:10 PM IST

Updated : May 30, 2021, 4:18 PM IST

তিনিচুকীয়া, 28 মে’ : তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাস্থিত চেইণ্ট মেৰিজ স্কুলে শেহতীয়াকৈ বহন কৰিছে এক বিশেষ তাৎপৰ্য ৷ কিয়নো এই বিদ্যালয়খনতে জীপাল হৈ আছে বলীউড তাৰকা অনুষ্কা শৰ্মা আৰু ভাৰতীয় ক্ৰিকেট খেলুৱৈ মহেন্দ্ৰ সিং ধোনীৰ পত্নী সাক্ষী ধোনীৰ শৈশৱ ৷ 1992 চনত এই বিদ্যালয়খনৰ পৰা আনুষ্ঠানিক শিক্ষা জীৱনৰ পাতনি মেলিছিল অনুষ্কা-সাক্ষীয়ে ৷ দুয়োৰে পিতৃদ্বয়ৰ কৰ্মসূত্ৰে তিনিচুকীয়া আছিল অনুষ্কা-সাক্ষীৰ পৰিয়াল ৷

কিয় অনুষ্কা শৰ্মাই মনত পেলালে অসমক?

বিদ্যালয়খনত কিন্দাৰ গাৰ্ডেনৰ পৰা আৰম্ভ কৰি তিনিবছৰ ধৰি একেলগ একেখন বেঞ্চতে বহি শিক্ষাগ্ৰহণ কৰিছিল অনুষ্কা আৰু সাক্ষীয়ে ৷ অৱশ্যে সময়ৰ লগে লগে সোঁতত যেন বিলীন হৈ গৈছিল দুয়োৰে শৈশৱৰ স্মৃতি । কিন্তু শেহতীয়াকৈ এক প্ৰচাৰ অনুষ্ঠানত কথা-বতৰাৰ মাজতে অনুষ্কা-সাক্ষীয়ে শৈশৱৰ দিনলৈ উভতি যায় । এই কথা-বতৰাৰ মাজতেই মাৰ্ঘেৰিটাৰ চেইণ্ট মেৰিজ স্কুলৰ প্ৰসংগ ওলাই পৰে ।

ইফালে তাহানিতে শিক্ষাদান কৰা কণমানি অনুষ্কা আৰু সাক্ষী এতিয়া বলীউড আৰু ক্ৰিকেট জগতৰ বহু চৰ্চিত নাম বুলি জানিব পাই উৎফুল্লিত হৈ পৰিছে বিদ্যালয়খনৰ শিক্ষয়িত্ৰী তথা অধ্যক্ষ উৰচলা বাৰট্টো ৷ ইয়াৰ লগতে অনুষ্কা আৰু সাক্ষীয়ে এইখন বিদ্যালয়তে শিক্ষাগ্ৰহণ কৰিছিল বুলি গৌৰৱ অনুভৱ কৰিছে বিদ্যালয়খনৰ বৰ্তমানৰ ছাত্ৰ-ছাত্ৰীসকলে ।

লগতে পঢ়ক :মান্না দে’ৰ গীতত সুবাস বিলোৱা এগৰাকী অসমীয়া লোকশিল্পীৰ মৃত্যু

Last Updated : May 30, 2021, 4:18 PM IST

ABOUT THE AUTHOR

...view details