অসম

assam

ETV Bharat / state

ডিগবৈ তৈলক্ষেত্ৰ ব্যক্তিগতকৰণঃ প্ৰতিবাদ যুৱ ছাত্ৰ পৰিষদৰ - protest

ইতিহাস প্ৰসিদ্ধ ডিগবৈ তৈলক্ষেত্ৰ ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানৰ হাতত গতাই দিবলৈ লোৱাৰ কাৰ্যৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে অসম যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতি ।

প্ৰতিবাদমুখী হৈ উঠিছে যুৱ ছাত্ৰ পৰিষদ

By

Published : Jul 4, 2019, 10:59 PM IST

তিনিচুকীয়া,৪ জুলাইঃ ডিগবৈ তৈলক্ষেত্ৰ ব্যক্তিগত খণ্ডক গতাই দিব খোজা কাৰ্যৰ বিৰোধিতা যুৱ ছাত্ৰ পৰিষদৰ । এছিয়াৰ ভিতৰতে এখন পুৰণি তৈলক্ষেত্ৰ ডিগবৈ তৈলক্ষেত্ৰ ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানৰ হাতত গতাই দিবলৈ লোৱাৰ কাৰ্যৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে অসম যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতি । তৈলক্ষেত্ৰ ব্যক্তিগতকৰণ কৰি প্ৰকৃততে চৰকাৰে একাংশ পুঁজিপতিক লাভৱান কৰাৰ প্ৰক্ৰিয়াক তীব্ৰ বিৰোধিতা কৰি শুকুৰবাৰে যুৱ পৰিষদৰ সদস্য সকলে ডিগবৈ চাৰিআলি বজাৰৰ ৩৮নং ৰাষ্ট্ৰীয় ঘাইপথৰ পুলিচ পইণ্টত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে ।

প্ৰতিবাদমুখী হৈ উঠিছে যুৱ ছাত্ৰ পৰিষদ

যোৱা ২৮ জুনত ডিগবৈ তৈলক্ষেত্ৰকে ধৰি দেশৰ কেইবাখনো তৈলক্ষেত্ৰ ব্যক্তিগত খণ্ডৰ হাতত গতাই দিয়াৰ বাবে নিবিদা আহ্বান কৰাৰ কাৰ্যক বন্ধ কৰিবলৈ দাবী জনায় অসম যুৱ ছাত্ৰ পৰিষদে । চৰকাৰ বিৰোধী শ্ল'গানেৰে ৰাজপথ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে । অতি শীঘ্ৰে তৈলক্ষেত্ৰ সমূহৰ ব্যক্তিগতকৰণ প্ৰক্ৰিয়া বন্ধ কৰিবলৈ দাবী জনায় । অন্যথা জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে ছাত্ৰ সংগঠনটোৱে ।

ABOUT THE AUTHOR

...view details