অসম

assam

By

Published : Apr 4, 2020, 11:36 AM IST

ETV Bharat / state

কভিড 19 আক্ৰান্ত মানকাছাৰৰ লোকজনক মহেন্দ্ৰ মোহন চৌধুৰী হাস্পাতাললৈ প্ৰেৰণ

দক্ষিণ শালমাৰা মানকাচৰ জিলাত কোভিড ১৯ ত আক্ৰান্ত হোৱা লোকজনক নিশাই প্ৰেৰণ কৰা হয় মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাললৈ

মানকাছাৰৰ এজন লোক
মানকাছাৰৰ এজন লোক

মানকাছাৰ, 4 এপ্ৰিলঃ মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীৰ পৰা প্ৰায় দুই কিঃমিঃ নিলগৰ পুৰাণ সুখচৰ গাৱঁৰ আশ্ৰাফ আলী নামৰ লোকজনৰ দেহত কৰ'ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পাছতে অঞ্চল জুৰি আতংকময় পৰিস্থিতিয়ে বিৰাজ কৰিছে ৷ শুকুৰবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰাৰ পাছতেই জিলাখনত আতংকৰ সৃষ্টি হৈছে ।

স্বাস্থ্য বিভাগৰ তৎপৰতাত আশ্ৰাফ আলী নামৰ লোকজনক মহেন্দ্ৰ মোহন চৌধুৰী হাস্পাতাললৈ প্ৰেৰণ কৰা হয়। লক্ষণীয় বিষয় যে, আশ্ৰাফ আলী নামৰ ৩৮ বছৰীয়া লোকজন স্থানীয় এখন মছজিদৰ ইমামতী কৰি আছিল। নিজামুদ্দিন মাৰ্কাজৰ পৰা ২৩ মাৰ্চত উভতি অহাৰ পাছত প্ৰায় এক সপ্তাহ সময় মছজিদত ইমামতী কৰাৰ লগতে পৰিয়ালৰ উপৰিও আন বহু লোকৰ সৈতে সংস্পৰ্শলৈ আহিছিল বুলি জানিব পৰা গৈছে।

কভিড 19 আক্ৰান্ত মানকাছাৰৰ এজন লোক

চিকিৎসকে জনোৱা মতে প্ৰথমে কোৱাৰাণ্টাইন কৰা হ'ব আশ্ৰাফ আলীৰ পৰিয়ালক ৷ পৰৱৰ্তী সময়ত গাঁওখন ছিল কৰাৰ ব্যৱস্থা কৰিব প্ৰশাসনে। জিলা খনৰ পৰা মুঠ ৯ জনকৈ লোক নিজামুদ্দিনত অংশগ্ৰহণ কৰিছিল যদিও ইয়াৰে ৬ জনৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ পাছত পাঁচ জনৰ নেগেটিভ ওলোৱাৰ বিপৰীতে মৌলানা আশ্ৰাফ আলীৰ ফলাফল পজিটিভ ওলাই। কিন্তু আন তিনিজনৰ সন্ধান এতিয়াও লাভ কৰা নাই জিলা প্ৰশাসনে।

ABOUT THE AUTHOR

...view details