অসম

assam

ETV Bharat / state

বানত বুৰিল হাজাৰ হাজাৰ বিঘা ইৰিধানৰ খেতি

প্ৰলয়ংকাৰী বানে হাহাকাৰৰ সৃষ্টি কৰিছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে নামনিৰ কেইবাখনো জিলাত। নামনিৰ ধুবুৰী আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাজাৰ হাজাৰ হেক্টৰ ইৰি ধান খেতি বৰ্তমান পানীৰ তলত ৷

By

Published : May 31, 2020, 1:11 PM IST

Flood in south Salmara Assam
প্ৰলয়ংকাৰী বানত বিধ্বস্ত দক্ষিণ শালমাৰাৰ কৃষক

দক্ষিণ শালমাৰা, 31 মে' : দক্ষিণ শালমাৰাত বানৰ তাণ্ডৱ । কেবাদিনো ধৰি নেৰা-নেপেৰা বৰষুণৰ প্ৰভাৱত মেঘালয়ৰ পাহাৰৰ পৰা নামি অহা পানীৰ ঢলে জিলাখনত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে । পানীত বুৰ গৈছে জিলাখনৰ কেইবা হাজাৰ বিঘা ইৰি ধানৰ খেতি ৷

বাঢ়নী পানীয়ে বুৰালে দক্ষিণ শালমাৰাৰ হাজাৰ হাজাৰ বিঘা ইৰিধানৰ খেতি

উল্লেখযোগ্য যে, লক্​ ডাউনৰ মাজতে ইৰি ধান চপোৱাৰ সময় হৈছিল যদিও ইতিমধ্যে বানে প্লাবিত কৰিছে জিলাখনৰ খেতিপথাৰসমূহ । আনহাতে, বাঢ়নী পানীয়ে হাজাৰ হাজাৰ বিঘা ইৰিধান খেতি বুৰাই পেলোৱাৰ ফলত পৰৱৰ্তী সময়ত আৰ্থিকভাৱে লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব বহুসংখ্যক পৰিয়াল ৷ সেয়ে, কোনোৱে যদি এককাল পানীত আন কোনোৱে বানৰ প্ৰচণ্ড সোঁতত ডুবি হ'লেও ধান চপোৱাৰ চেষ্টা কৰিছে।

প্ৰলয়ংকাৰী বানত বিধ্বস্ত দক্ষিণ শালমাৰাৰ কৃষক

লগতে পঢ়ক: ৰঙিয়াত প্ৰথমজন লোক আক্ৰান্ত COVID-19ত

এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে ধুবুৰী আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ কৃষকসকলৰ মাজত । এই ক্ষেত্ৰত বিধ্বস্ত কৃষকসকলৰ বাবে চৰকাৰে পৰৱৰ্তী সময়ত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া এক লক্ষণীয় বিষয়।

ABOUT THE AUTHOR

...view details