অসম

assam

ETV Bharat / state

জুক' ভেলীত বনজুইৰ তাণ্ডৱ:অসহায় নাগালেণ্ড চৰকাৰ

বায়ুসেনাৰ হেলিকপ্টাৰ ব্যৱহাৰেৰে মঙলবাৰেও অব্যাহত আছে জুক' ভেলীৰ বনজুই নিৰ্বাপনৰ চেষ্টা ৷ কিন্তু বহু চেষ্টাৰ অন্ততো বিগত 6 দিনে নিৰ্বাপন হোৱা নাই উপত্যকাটোৰ বনজুই ৷ নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিও ৰিঅ'ই মঙলবাৰে আকাশমাৰ্গৰে পৰিদৰ্শন কৰিলে উপত্যকাটো ৷

By

Published : Jan 5, 2021, 9:21 PM IST

Updated : Jan 7, 2021, 1:01 PM IST

http://10.10.50.80:6060///finalout3/assam-nle/finalout/07-January-2021/10127433_dzukuo_vllly_pkg_new.mp4
জুক' ভেলীত বনজুইৰ তাণ্ডৱ:অসহায় চৰকাৰ

তেজপুৰ, ৫ জানুৱাৰী: বিগত 6 দিনেও নিৰ্বাপন হোৱা নাই নাগালেণ্ডৰ জুক' ভেলীৰ বনজুই । মঙলবাৰে পুনৰ বায়ুসেনাৰ হেলিকপ্টাৰ ব্যাৱহাৰ কৰা হৈছে অগ্নি নিৰ্বাপনৰ বাবে । নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিও ৰিঅ'ই মঙলবাৰে আকাশ মাৰ্গৰে পৰিদৰ্শন কৰিলে উপত্যকাটো ৷ গৃহ বিভাগৰ সূত্ৰই জানিব দিয়া মতে,মুখ্যমন্ত্ৰী ৰিঅ'ই উপত্যকাটোত অৱতৰণ কৰি পৰিস্থিতিৰ বুজ লোৱাৰ কথা আছিল যদিও,অত্যন্ত বতাহৰ বাবে হেলিকপ্টাৰ অৱতৰণ কৰিব নোৱাৰিলে ৷ এই বিষয়ে জনায় নাগালেণ্ড চৰকাৰৰ গৃহ বিভাগৰ বিশেষ কৰ্তব্যৰত বিষয়া জনী ৰোৱাংমীয়ে ৷

জুক' ভেলীত বনজুইৰ তাণ্ডৱ:অসহায় নাগালেণ্ড চৰকাৰ

বিষয়াগৰাকীৰ সৈতে ইটিভি ভাৰতৰ সাংবাদিকৰে হোৱা যোগাযোগৰ অন্তত জানিব পৰা গৈছে যে,মঙলবাৰে পুৱা পুনৰ ৪ বায়ুসেনাৰ হেলিকপ্টাৰ প্ৰয়োগ কৰা হৈছে । আনহাতে এক বৃহৎ সংখ্যক ৰাজ্যিক দুৰ্যোগ প্ৰশমণ, ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমণ, নাগালেণ্ডৰ আৰক্ষী, সেনাবাহিনী, বায়ু সেনা, এছ ডি আৰ এফ, এন ডি আৰ এফ আৰু চাই অংমাই নামৰ স্বেচ্ছাসেৱী সংগঠনৰ লোকে চেষ্টা অব্যাহত ৰাখিছে বুলিও তেওঁ উল্লেখ কৰে । ইয়াৰোপৰি তেওঁ কয় যে, এছ ডি আৰ এফৰ ৭ টা কোম্পানীৰ ৩০০ জোৱান নিয়োজিত হৈ আছে ৷ বৰ্তমানলৈকে ক্ষয় ক্ষতিৰ বুজ ল'ব পৰা হোৱা নাই ।

বায়ুসেনাৰ হেলিকপ্টাৰ ব্যাৱহাৰেৰে মঙলবাৰেও অব্যাহত আছে জুক' ভেলীৰ বনজুই নিৰ্বাপনৰ চেষ্টা

কিন্তু ৰাজ্য চৰকাৰে ইতিমধ্যে ড্ৰ'ণৰ সহায়ত উপত্যকাটোৰ বুজ লোৱাৰ বিষয়ে চিন্তা চৰ্চা কৰি আছে ।মঙলবাৰে পুনৰ নাগালেণ্ডৰ জুক' উপত্যাত ভাৰতীয় বায়ুসেনাই একেৰাহে Mi 17V5 হেলিকপ্টাৰ ব্যৱহাৰ কৰি আছে বুলি জনাইছে ইষ্টাৰ্ণ কামাণ্ডৰ উইং কামাণ্ডাৰ ৰত্নাকৰ সিঙে । স্থানীয় সুত্ৰৰ পৰা পোৱা তথা মতে,বনজুইৰ ফলত নাগালেণ্ডৰ ৰাজ্যিক চৰাই ট্ৰেগ' পানৰ যথেষ্ট সংখ্যক মৃত্যু গৈছে । ডিমাপুৰ ৰঙাগড়া সেনাবাহিনীৰ শিবিৰৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ নিলগত Mi 17V5 হেলিকপ্টাৰৰ জৰিয়তে বাম্পাৰ বাকেট প্ৰয়োগ কৰি অগ্নি নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখিছে । আনহাতে এন ডি আৰ এফ এটা বৃহৎ দলে যোৱা তিনিদিন ধৰি উক্ত অঞ্চলত বাহৰ পাতি আছে স্থানীয় লোকৰ সহযোগিতাত ।

জুক' ভেলী

বায়ুসেনাৰ বামবি বাকেট পদ্ধতিৰে এবাৰত 3500 লিটাৰ পানী কঢ়িয়াই ঢালি থকা হৈছে ৷ জুক' উপত্যকা মণিপুৰ আৰু নাগালেণ্ডৰ সীমান্তৱৰ্তী পৰ্যটন অঞ্চল । যোৱা 30 ডিচেম্বৰত সেই অঞ্চলত বনজুইৰ সৃষ্টি হয় আৰু ভয়াৱহ ৰূপ ধাৰণ কৰে ৷ যাৰ পৰিণতিত নাগালেণ্ড চৰকাৰে ভাৰতীয় বায়ুসেনাৰ সহায় বিচাৰে আৰু ১ জানুৱাৰীৰ নিশাই বায়ুসেনাৰ Mi 17V5 আৰু AC-130J হাৰকিউলিছ বিমানেৰে 9 টন অগ্নি নিৰ্বাপক সামগ্ৰী আৰু 48 জন এন ডি আৰ এফৰ লোকক ডিমাপুৰত এয়াৰ লিফ্ট কৰি অগ্নি নিৰ্বাপনৰ প্ৰচেষ্টা বাহাল ৰাখিছে ।

লগতে পঢ়ক:কৃষিমন্ত্ৰীৰ সমষ্টিত নাজল নাথল অৱস্থা কৃষকৰ

Last Updated : Jan 7, 2021, 1:01 PM IST

ABOUT THE AUTHOR

...view details