অসম

assam

By

Published : Aug 11, 2021, 2:11 PM IST

ETV Bharat / state

ভাৰতীয় সেনাই আদৰিলে ১৯৭১ চনৰ পাকিস্তানৰ যুদ্ধৰ বিজয় শিখা

ভাৰত-পাক যুদ্ধৰ ঐতিহাসিক বিজয়ৰ অংশস্বৰূপে ভাৰতীয় সেনাই উদযাপন কৰি আহিছে বিজয় উৎসৱ । ২০২০ চনৰ ১৬ ডিচেম্বৰত ফ্লেগ অফ কৰা স্বৰ্নিম বিজয় মাছাল 26 জুলাইত অসম-পশ্চিমবংগ সীমান্তত ভাৰতীয় সেনাৰ ১০১ এলেকাত প্ৰৱেশ কৰে । বুধবাৰে শ্বিলঙৰ পৰা নাৰেংগীৰ সেনা ছাউনীত উপস্থিত হয় ভাৰত-পাক যুদ্ধৰ বিজয়ৰ স্মাৰক শিখা ৷

vijay-mashal-at-guwahati
নাৰেংগী সেনা চাউনিত আদৰণি ভাৰতীয় সেনাৰ পাকিস্তানৰ যুদ্ধৰ বিজয় শিখা

তেজপুৰ, 11 আগষ্ট :১৯৭১ চনত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ বিজয় আৰু বাংলাদেশৰ মুক্তিৰ ৫০ বছৰৰ স্মৃতিত ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ পৰা ২০২০ চনৰ ১৬ ডিচেম্বৰত দিল্লীৰ ৰাষ্ট্ৰীয় স্মাৰকৰ পৰা ফ্লেগ অফ কৰা স্বৰ্নিম বিজয় মাছাল বুধবাৰে গুৱাহাটীৰ সেনাৰ নাৰেংগীস্থিত কাৰ্যালয়লৈ অনা হয় ৷ অসমৰ মুখ্য সচিব জিষ্ণু বৰুৱাৰ উপস্থিতিত নাৰেংগী সেনা ছাউনীত প্ৰৱেশ কৰে স্বৰ্নিম বিজয় মাছালে(Swarnim Vijay Mashaal) । অসমৰ মুখ্য সচিব জিষ্ণু বৰুৱা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ।

নাৰেংগীৰ সেনা ছাউনীত আদৰণি অনুষ্ঠান

ইয়াৰ পূৰ্বে ২৭ জুলাইত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ হাতত মেঘালয়ৰ পল’ গ্ৰাউণ্ডত অৰ্পণ কৰা হৈছিল এই স্বৰ্নিম বিজয় মাছাল । এই বিজয় মাছাল ২৬ জুলাইত অসম-পশ্চিমবংগ সীমান্তত ভাৰতীয় সেনাৰ ১০১ এলেকাত প্ৰৱেশ কৰে আৰু তাৰ পিছত ২৭ জুলাইত শ্বিলঙৰ সেনাৰ কাৰ্যালয়ৰ পৰা প্ৰৱেশ কৰে অসমত । এক আড়ম্বৰপূৰ্ণ ৰাজকীয় অনুষ্ঠানৰ জৰিয়তে এই বিজয় শিখা (Victory Flame) জেনেৰেল অফিচাৰ কমাণ্ডিং (GOC) মেজৰ জেনেৰেল বিকাশ চাইনিয়ে অসমৰ মুখ্য সচিবক হস্তান্তৰ কৰে ৷ আনহাতে ভাৰতীয় সেনাই এই সমগ্ৰ অনুষ্ঠান অসমৰ জনসাধাৰণৰ বাবে উৎসৰ্গা কৰে ।

ভাৰতীয় সেনাই আদৰিলে ১৯৭১ চনৰ পাকিস্তানৰ যুদ্ধৰ বিজয় শিখা

কেবাটাও বিভাগৰ সুৰক্ষা বাহিনী, আইটিবিপি জোৱান আৰু এনচিচিৰ কেডেট উপস্থিত থকা অনুষ্ঠানত ৫৮ জিটিচিৰ সৈন্যই গোর্খা খুখৰী নৃত্য প্ৰদৰ্শন কৰে ৷ ইয়াৰ লগতে অনুষ্ঠানটোত ১৯৭১ চনৰ যুদ্ধৰ নায়কসকলক সম্বৰ্ধনা জনোৱা হয় । অনুষ্ঠানত উপস্থিত থকা ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱাই ভাষণ প্ৰসংগত ১৯৭১ চনত পাকিস্তানৰ বিৰুদ্ধে মুক্তি বাহিনীয়ে সমৰ্থন কৰা বিজয়ৰ তাৎপৰ্যৰ কথা দোহাৰে ৷

বাৰে ৰহণীয়া কাৰ্যসূচী

তেওঁ লগতে কয় যে, এই যুদ্ধৰ পাছত প্ৰায় ৯৩,০০০ পাকিস্তানী সৈন্যই আত্মসমৰ্পণ কৰিছিল ৷ ই দ্বিতীয় বিশ্বযুদ্ধৰ পিছত এতিয়ালৈকে আটাইতকৈ ডাঙৰ সামৰিক আত্মসমৰ্পণ । উত্তৰ-পূৰ্বাঞ্চলৰ সীমামূৰীয়া অঞ্চলসমূহত হোৱা এই যুদ্ধ অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যসমূহৰ জনসাধাৰণৰ অদম্য সমৰ্থনৰ বাবে এই বিজয় সম্ভৱ হৈছিল বুলি উল্লেখ কৰে বৰুৱাই ।

লগতে পঢ়ক :স্বাধীনতা দিৱস বৰ্জনৰ হুংকাৰ উত্তৰ-পূৱৰ বিদ্ৰোহী সংগঠনৰ

ABOUT THE AUTHOR

...view details