অসম

assam

By

Published : Jun 8, 2021, 9:45 PM IST

ETV Bharat / state

বীৰ জোৱানক শ্ৰদ্ধাঞ্জলি অসম ৰাইফলছ (Assam Rifles)ৰ সঞ্চালক প্ৰধানৰ

মঙলবাৰে আছাম ৰাইফলছ (Assam Rifles)ৰ শ্বিলংস্থিত মুখ্য কাৰ্যালয়ৰ অন্তৰ্গত লাইটকাৰৰ স্মৃতিসৌধত বীৰ সেনা বাহিনীৰ জোৱানসকলক শ্ৰদ্ধাঞ্জলি জনায় নৱ নিযুক্ত সঞ্চালক প্ৰধান লেফ্টনেণ্ট জেনেৰেল প্ৰদীপ চন্দ্ৰন নাইয়াৰে ৷ অসম ৰাইফলছ (Assam Rifles)উত্তৰ-পূৰ্বাঞ্চলৰ এক গৌৰৱ ৷

tribute to veer jawan by assam rifles director general
অসম ৰাইফলছৰ সঞ্চালক প্ৰধানৰ শ্ৰদ্ধাঞ্জলি

তেজপুৰ, 8 জুন : আছাম ৰাইফলছ (Assam Rifles)ৰ নৱ নিযুক্ত সঞ্চালক প্ৰধান লেফ্টনেণ্ট জেনেৰেল প্ৰদীপ চন্দ্ৰন নাইয়াৰে মঙলবাৰে মুখ্য কাৰ্যালয়ৰ অন্তৰ্গত লাইটকাৰত শ্ৰদ্ধাঞ্জলি জনায় বীৰ সেনা বাহিনীৰ জোৱানসকলক । জেনেৰেল নাইয়াৰে আছাম ৰাইফলছ (Assam Rifles)ৰ সঞ্চালকৰ দায়িত্ব লোৱাৰ পাচত এয়া প্ৰথমবাৰৰ বাবে আছাম ৰাইফলছ (Assam Rifles)ৰ স্মৃতিসৌধত শ্ৰদ্ধা নিবেদন কৰে ।

অসম ৰাইফলছৰ সঞ্চালক প্ৰধানৰ শ্ৰদ্ধাঞ্জলি

উল্লেখ্য যে, আছাম ৰাইফলছ (Assam Rifles)ৰ মুখ্য কাৰ্যালয় শ্বিলঙৰ কার্যালয়ৰ অন্তৰ্গত লাইটকাৰত এক বৃহৎ সংখ্যক সেনাৰ প্ৰশিক্ষণ দিয়া ব্যৱস্থা আছে । আছাম ৰাইফলছ (Assam Rifles)ক উত্তৰ-পূৰ্বাঞ্চলৰ গৌৰৱ বুলি অভিহিত কৰা হয় ।

লগতে পঢ়ক :চাপৰত বন্ধন বেংকৰ সজাগতা কাৰ্যসূচী

ABOUT THE AUTHOR

...view details