অসম

assam

By

Published : Jun 11, 2020, 6:13 PM IST

ETV Bharat / state

তেজপুৰত তিনি ব্যক্তিৰ দেহত কৰ’ণা ভাইৰাছৰ উপস্থিতি

শোণিতপুৰ জিলাৰ তেজপুৰত তিনিজন ব্যক্তি আক্ৰান্ত হৈছে কৰ’ণা ভাইৰাছত ৷ আক্ৰান্ত তিনিজনৰ ভিতৰৰ দুজন ব্যক্তি জিলা উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী হোৱাৰ বিপৰীতে এগৰাকী ব্যক্তি চহৰখনৰ ব্যৱসায়ী বুলি জানিব পৰা গৈছে ৷

three more tested covid 19 positive at tezpur assam etv bharat news
কৰ’ণা ভাইৰাছ

তেজপুৰ,11 জুন: শোণিতপুৰ জিলাৰ উপায়ুক্তৰ আৱাসিক কাৰ্যালয়ৰ দুজন কৰ্মচাৰী আক্ৰান্ত হৈছে কৰ’ণা ভাইৰাছত ৷ এই খবৰ প্ৰকাশৰ পিছতে তেজপুৰত কৰ’ণাত আক্রান্ত লোকৰ সংখ্য়া বৃদ্ধি পালে ৪৭ গৰাকীলৈ ৷ জিলাখনত কৰ’ণা ভাইৰাছে একপ্ৰকাৰৰ গণ সংক্ৰমণৰ দিশে গতি কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে ৷ ইতিমধ্যে চৰকাৰী কৰ্মচাৰী দুজন আক্ৰান্তৰ হোৱাৰ খবৰ বিয়পি পৰাৰ লগে লগে চেনিটাইজ কৰা হৈছে সমগ্ৰ জিলা উপাযুক্তৰ কাৰ্যালয় ৷

তেজপুৰত তিনি ব্যক্তিৰ দেহত কৰ’ণা ভাইৰাছ

তদুপৰি চহৰখনৰ এগৰাকী ব্যৱসায়ীয়ো আক্ৰান্ত হৈছে কৰ'ণাত ৷ ইতিমধ্যে উপায়ুক্ত কাৰ্যালয়ৰ ১৫গৰাকী ব্যক্তিক কোৱাৰেণ্টাইন কৰি স্বাৱ পৰীক্ষাৰ বাবে পঠোৱা হৈছে ৷

লগতে চাওকঃবাংগালুৰুত কৰিমগঞ্জৰ যুৱকৰ ৰহস্যজনক মৃত্যু

ABOUT THE AUTHOR

...view details