চতিয়া,৩০ আগষ্ট:লক্ ডাউনে স্তব্ধ কৰিছে শিল্প, সংগীত, জীৱন জীৱিকা সকলো ।এটা সময়ত নিজৰ নিচাক সংস্থাপনৰ ৰূপ দি সংসাৰ চলাই থকা একাংশ লোক আজি কৰ্মহীন ৷ ইয়াৰ এক উদাহৰণ বিশিষ্ট অভিনেতা অৰুণ বৰদলৈ ৷ ভ্ৰাম্যমাণ নাট্য জগতৰ লগত একেৰাহে ২৫ বছৰ জড়িত চতিয়া সমষ্টিৰ জামুগুৰি হাটৰ গেৰেকী চুক গাঁৱৰ এইগৰাকী অভিনেতা ৷
পূৰ্বতে ভ্ৰাম্যমাণ নাট্যজগতৰ প্ৰথম শাৰীৰ নাট্যদল হেঙুল, বৰদৈচিলা, জ্যোতিৰূপা, ইতিহাস, ৰাজশ্ৰী, ভাগ্যদেৱী, ৰাজতিলককে ধৰি বহুসংখ্যক নাট্য দলৰ লগত জড়িত আছিল অৰুণ বৰদলৈ ৷ অভিনয়কেই পেছা হিচাপে লৈ ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল অভিনেতা গৰাকীয়ে ৷ ইতিমধ্যে ভ্ৰাম্যমাণ নাট্য জগতত নিজকে প্ৰতিষ্ঠা কৰিবলৈও সক্ষম হৈছিল অৰুণ বৰদলৈয়ে ৷ কিন্তু শেহতীয়া লক্ ডাউনে বিপযৰ্স্ত কৰিছে এইগৰাকী অভিনেতাক ৷