অসম

assam

By

Published : Sep 27, 2020, 9:44 PM IST

Updated : Sep 27, 2020, 10:16 PM IST

ETV Bharat / state

তেজপুৰত জাৱৰ নিষ্কাষণৰ ডাষ্টবিন স্থাপন পৌৰসভাৰ

আগন্তুক 2 অক্টোবৰৰ পৰা আৱৰ্জনা নিষ্কাষণৰ ক্ষেত্ৰত তেজপুৰ পৌৰসভা এলেকাত প্ৰযোজ্য হ’ব নতুন নিয়মাৱলী ৷ আৱাসিক অঞ্চলত নাথাকিব কোনো ৰাজহুৱা ডাষ্টবিন ৷

Tezpur municipality new rules for public dustbin
তেজপুৰত জাৱৰ নিষ্কাষণৰ ডাষ্টবিন স্থাপন পৌৰসভাৰ

তেজপুৰ, 27 ছেপ্তেম্বৰ: বিশ্ব পৰ্যটন দিৱস উপলক্ষে দেওবাৰে তেজপুৰ পৌৰসভাই গ্ৰহণ কৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ । চহৰৰ বিভিন্ন অঞ্চলত জাৱৰ নিষ্কাষণৰ ডাষ্টবিন স্থাপন কৰে পৌৰসভাই । পৰিৱেশ প্ৰদূষণৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে জাৰি কৰা O.A. No. 606/2018 নিৰ্দেশনাৰ Point No.16 আৰু গোটা আৱৰ্জনা ব্যৱস্থাপনা বিধি 2016, প্লাষ্টিক আৱৰ্জনা ব্যৱস্থাপনা বিধি 2016ৰ লগতে স্বচ্ছ ভাৰত মিছন (নগৰাঞ্চল)ৰ অধীনত বিভিন্ন সময়ত জাৰি কৰা নিৰ্দেশনাৰ ভিত্তিত পৌৰ সভা এলেকাৰ অন্তৰ্গত সকলো গৃহ তথা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ বাবে আগন্তুক ২ অক্টোবৰৰ পৰা প্ৰযোজ্য হোৱাকৈ কিছু নিয়মাৱলী প্ৰস্তুত কৰা হৈছে ৷

তেজপুৰত জাৱৰ নিষ্কাষণৰ ডাষ্টবিন স্থাপন পৌৰসভাৰ

পৌৰসভাই জাৰি কৰা এক জাননী মতে, আগন্তুক 2 অক্টোবৰৰ ভিতৰত তেজপুৰ পৌৰসভা এলেকাৰ আৱাসিক অঞ্চলৰ পৰা সকলো ৰাজহুৱা ডাষ্টবিন আঁতৰ কৰা হ’ব ৷ ইয়াৰ পৰিৱৰ্তে পৌৰ এলেকাৰ অধীনৰ সকলো গৃহ তথা ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা জাৱৰ সংগ্ৰহ কৰিবলৈ Radiant Skills and Environmental Solutionsক দায়িত্ব অৰ্পণ কৰা হৈছে ৷ তেজপুৰ পৌৰসভাই সকলো পৌৰ এলেকাৰ নিবাসীৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহক উক্ত সংস্থাৰ অধীনত পঞ্জীয়ন কৰিবলৈ আহবান জনাইছে ৷ পৌৰসভাই জনোৱা অনুসৰি, এই সংস্থাই আৱৰ্জনা সংগ্ৰহ কৰাৰ সময়ত সকলোৱে আৱৰ্জনাসমূহ শুকান তথা ভিজা দুটা ভাগত পৃথক কৰি জমা দিব লাগিব ৷

ইয়াৰোপৰি নতুন নিয়মাৱলী অনুসৰি,এতিয়াৰে পৰা কোনো প্ৰতিষ্ঠান বা বাসগৃহৰ সন্মুখত আৱৰ্জনা জমা হ’লে উক্ত প্ৰতিষ্ঠান বা বাসগৃহৰ গৰাকীক দোষী সাব্যস্ত কৰি তেওঁলোকক জৰিমনা বিহা হ’ব ৷ নতুন নিয়মাৱলীত পৌৰসভা এলেকাত জাৱৰ তথা প্লাষ্টিক আৱৰ্জনা মুকলিভাৱে জ্বলোৱাত বাধা আৰোপ কৰা হৈছে ৷ 50 মাইক্ৰনতকৈ কম ঘনত্বৰ প্লাষ্টিকৰ মোনা/ কেৰী বেগ আদিৰ ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে ৷

তেজপুৰত জাৱৰ নিষ্কাষণৰ ডাষ্টবিন স্থাপন পৌৰসভাৰ

ঠিক সেইদৰে পলিথিন,বটল আদি নলা-নৰ্দমা, নদী-পুখুৰীত পেলোৱাতো নিষেধাজ্ঞা জাৰি কৰা হৈছে ৷ লগতে জাননীখনত পৌৰসভাই পথৰ দাঁতিত নিৰ্মাণকাৰ্যত ব্যৱহৃত সামগ্ৰী যেনে- ইটা,শিল,বালি জমা কৰাত বাধা আৰোপ কৰি অতি সোনকালে ৰাজহুৱা পথৰ পৰা নিৰ্মাণ কাৰ্যত ব্যৱহৃত সামগ্ৰী আঁতৰাই নিবলৈ সকলোকে নিৰ্দেশ দিছে ৷ এনে সামগ্ৰী প্ৰত্যক্ষ কৰিলে পৌৰসভাৰ ফালৰ পৰা সকলো সামগ্ৰী জব্দ কৰা হ’ব বুলি উক্ত জাননীত উল্লেখ কৰা হৈছে ৷

তেজপুৰত জাৱৰ নিষ্কাষণৰ ডাষ্টবিন স্থাপন পৌৰসভাৰ

ওপৰোক্ত নিয়মসমূহ ভংগ কৰিলে পৌৰ বিধি অনুসৰি ব্যৱস্থা গ্ৰহণ কৰাৰ উপৰিও 200ৰ পৰা 5000 টকা পৰ্যন্ত জৰিমণা বিহা আৰু ব্যৱসায়িক প্ৰতিষ্ঠানৰ অনুজ্ঞাপত্ৰ বাতিল কৰা হ'ব বুলিও জাননীত উল্লেখ কৰা হৈছে ৷

লগতে পঢ়ক:গৃহ ভূমিত বিপুল আদৰণি AJP সমন্বয়ক জগদীশ ভূঞাক

Last Updated : Sep 27, 2020, 10:16 PM IST

ABOUT THE AUTHOR

...view details