অসম

assam

By

Published : Nov 28, 2020, 3:47 PM IST

ETV Bharat / state

শোণিতপুৰত জিলা আইন সেৱা প্ৰাধিকৰণৰ অভিলেখ

শোণিতপুৰ জিলাৰ আইন সেৱা প্ৰাধিকৰণৰ জৰিয়তে অক্টোবৰ মাহলৈকে জিলাখনৰ মুঠ 163 লোকক বিনামূলীয়া আইনী সেৱা আগবঢ়াই আহিছে । এই তথ্য প্ৰদান কৰিছে শোনিতপুৰ জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব আচমা ৰহমানে ।

tezpur Legal services create record
শোণিতপুৰত জিলা আইন সেৱা প্ৰাধিকৰণৰ অভিলেখ

তেজপুৰ, ২৮ নৱেম্বৰ : আইনী সাহায্য প্ৰদানৰ জৰিয়তে ভাৰতবৰ্ষত বিভিন্ন লোকক সহায় কৰি আহিছে আইন সেৱা প্ৰাধিকৰণে । অসমো ইয়াৰ ব্যতিক্ৰম নহয় । অসমৰ ভিতৰত শোণিতপুৰ জিলাৰ আইন সেৱাৰ জৰিয়তে ক'ৰণা মহামাৰীৰ ফলত ঘোষণা কৰা লক ডাউনৰ সময়তে অভিলেখ সংখ্যক লোকৰ মাজত বিনামূলীয়াকৈ আইনী সেৱা প্ৰদান কৰিছে আইন সেৱা প্ৰাধিকৰণে ।

শোণিতপুৰ জিলাৰ আইন সেৱা প্ৰাধিকৰণৰ জৰিয়তে অক্টোবৰ মাহলৈকে জিলাখনৰ মুঠ 163 লোকক বিনামূলীয়া আইনী সেৱা আগবঢ়াই আহিছে । এই তথ্য প্ৰদান কৰিছে শোনিতপুৰ জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব আচমা ৰহমানে ।

শোণিতপুৰত জিলা আইন সেৱা প্ৰাধিকৰণৰ অভিলেখ

তেওঁ কয় যে, যিসকল লোকে আইন সেৱা লবলৈ অপাৰগ তথা তেওঁলোকৰ বাৰ্ষিক আয় 3 লাখ টকাতকৈ কম সেই লোক সকলক বার্ষিক আয়ৰ প্ৰমাণ পত্ৰ দাখিল কৰাৰ পিছত বিনামূলীয়া আইন সেৱা আগবঢ়াই আহিছে শোনিতপুৰ জিলা আইন সেৱা প্ৰাধিকৰণে ।


জিলাখনত আণ্ডাৰ ট্ৰাইল প্ৰিজনৰ UTP 96 জন পুৰুষ আৰু 49 গৰাকী মহিলাক সেৱা আগবঢ়ায় সংস্থাটোৱে । লগতে 14 জন শিশু শ্ৰমিক উদ্ধাৰ কৰি তেওঁলোকক ন্যায়ালয়ৰ শিশু ঘৰলৈ প্ৰেৰণ কৰে ৷ আনহাতে মানসিক ভাৱে ৰোগাক্ৰান্ত ব্যক্তিৰ 11 জনক তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানলৈ প্ৰেৰণ কৰে ৷

শোণিতপুৰত জিলা আইন সেৱা প্ৰাধিকৰণৰ অভিলেখ

তদুপৰি আচমা ৰহমানে জানিবলৈ দিয়া অনুসৰি, আইনী চিকিৎসা প্ৰদানৰ বাবে জিলাখনত 7 খন চিকিৎসালয় আছে ৷ প্ৰাধিকৰণে আইনী সেৱা শিক্ষা কেন্দ্ৰ 5 খনত ইতিমধ্যে 5 জন শিশুক শিক্ষা প্ৰদান কৰিছে । এই আইন সেৱা প্ৰাধিকৰণৰ জৰিয়তে সজাগতাৰ বাবে গণ মাধ্যম, অনাতাঁৰ, কাৰাগাৰত পৰিদৰ্শন, সভা আৰু বৰ্তমান ৱেবনাৰ সজাগতাৰ বেনাৰ আদিৰ জৰিয়তে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে ।
লগতে পঢ়ক : আহমেদাবাদৰ Zydus Biotech Park ত উপস্থিত প্ৰধানমন্ত্ৰী মোডী

ABOUT THE AUTHOR

...view details