তেজপুৰ,8 ফেব্ৰুৱাৰী: দেওবাৰে নিশা তেজপুৰত কংগ্ৰেছৰ নিৰ্বাচনী পৰ্যবেক্ষণ সভাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি ৷ তেজপুৰৰ তৰুণ সংঘত অনুষ্ঠিত দলটোৰ নিৰ্বাচনী পৰ্যবেক্ষণ সভাত দলীয় কৰ্মীৰ মাজতে সৃষ্টি হয় সংঘাতৰ ৷ দলীয় টিকট প্ৰদানক কেন্দ্ৰ কৰি হোৱা আলোচনাৰ মাজতে কংগ্ৰেছৰ নিখিল ভাৰত কংগ্ৰেছৰ কমিটিৰ সম্পাদক তথা নিৰ্বাচনী পৰ্যবেক্ষক আদিত্য শৰ্মাৰ উপস্থিতিত কোনো বিষয়ত মতানৈক্য ঘটি এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ পৰৱৰ্তী সময়ত তেজপুৰ আৰক্ষীৰ উপস্থিতিতহে পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনা হয় ৷
কংগ্ৰেছৰ নিৰ্বাচনী পৰ্যবেক্ষণ সভাত উত্তপ্ত পৰিস্থিতি
দেওবাৰে নিশা তেজপুৰত কংগ্ৰেছৰ নিৰ্বাচনী পৰ্যবেক্ষণ সভাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি ৷ দলীয় টিকটক কেন্দ্ৰ কৰি হোৱা আলোচনাৰ মাজতে সৃষ্টি হয় সংঘাত ৷
তেজপুৰত কংগ্ৰেছৰ নিৰ্বাচনী পৰ্যবেক্ষণ সভাত উত্তপ্ত পৰিস্থিতি