অসম

assam

ETV Bharat / state

তেজপুৰৰ জ্যেষ্ঠ সাংবাদিক ৰণেন্দ্ৰ বিজয় গোস্বামীৰ মৃত্যু

গুৱাহাটীৰ বি.বৰুৱা কৰ্কট প্ৰতিষ্ঠানত দেওবাৰে মৃত্যু ঘটে বিশিষ্ট সাংবাদিকগৰাকীৰ ৷

By

Published : Jun 9, 2019, 6:33 PM IST

মৃত্যু

তেজপুৰ,9 জুন : তেজপুৰ জ্যেষ্ঠ সাংবাদিক তথা টেকনিকেল কঞ্চালটেন্ট ৰণেন্দ্ৰ বিজয় গোস্বামী ওৰফে ৰাণা গোস্বামীৰ মৃত্যু ৷ তেজপুৰৰ পৰা সংবাদ সেৱা আগবঢ়োৱা দৈনিক ইংৰাজী কাকত "ইষ্টাৰ্ন ক্ৰনিকেল" ৰ নিয়মীয়া সংবাদকৰ্মী আছিল গোস্বামী ৷ শোণিতপুৰ জিলাৰ বৰচলা সমষ্টিৰ প্ৰাক্তন বিধায়ক ৰমেন গোস্বামীৰ ভটিজা আছিল ৰাণা গোস্বামী ৷

দীৰ্ঘদিন ধৰি দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ আৰোগ্য হৈ পুনৰ আক্ৰান্ত হৈ গুৱাহাটীৰ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত দেওবাৰে বিয়লি পৰলোকপ্ৰাপ্তি ঘটে ৷ মৃত্যুৰ সময়ত এক মাত্ৰ পৰিবাৰক এৰি থৈ যায় গোস্বামীয়ে ৷ গোস্বামীৰ মৃত্যুত শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নে গভীৰ শোক প্ৰকাশ কৰিছে ৷

পত্নীৰ সৈতে গোস্বামী

১৯৬২ চনৰ ৪ ফ্ৰেব্ৰুৱাৰীত জন্ম গ্ৰহণ কৰা গোস্বামী গিৰিজানন্দ মেনেজমেন্ট ইনচটিটিউটৰ প্ৰৱক্তা হিচাপেও কাৰ্যনিবাহ কৰিছিল ৷ পৰিয়ালৰ সূত্ৰে জানিব পৰা মতে গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন কৰা হ’ব ৰাণা গোস্বামীৰ ৷

ABOUT THE AUTHOR

...view details