তেজপুৰ,31জুলাই : প্ৰাক্তন বনমন্ত্ৰী তথা বৰ্তমানৰ চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইনৰ বিৰুদ্ধে তেজপুৰ সদৰ থানাত ৰুজু কৰা হৈছে এক গোচৰ ৷ অসম গৌৰৱ এশিঙীয়া গঁড় হত্যাৰ অভিযোগ উত্থাপিত হোৱাৰ পাচতেই ৰুজু হয় এই গোচৰ ৷
তেজপুৰত ৰকিবুল হুছেইনৰ বিৰুদ্ধে ৰুজু গোচৰ
চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইনৰ বিৰুদ্ধে তেজপুৰ সদৰ থানাত এশিঙীয়া গঁড় হত্যাৰ অভিযোগত ৰুজু হৈছে এক গোচৰ
উল্লেখযোগ্য যে মঙলবাৰে কংগ্ৰেছ দলৰ সাধাৰণ সম্পাদক দুলু আহমেদে অসম চৰকাৰৰ বন মন্ত্ৰী তথা বৰ্তমান চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইন গঁড় হত্যাৰ লগত জড়িত আছে বুলি অভিযোগ উত্থাপন কৰিছিল ৷ কংগ্ৰেছ দলৰ সাধাৰণ সম্পাদকগৰাকীৰ এই অভিযোগৰ পাছতেই দিলীপ নাথে ৰুজু কৰিছিল গোচৰ ৷ আৰ টি আই যোগে তথ্য আহৰণ কৰি দিলীপ নাথে পূৰ্বতেও অভিযোগ উত্থাপিত কৰাৰ লগতে বৰ্তমান তেওঁৰ দলৰ নেতাই এই অভিযোগ উত্থাপিত কৰাৰ পিছত ইয়াৰ সত্যতা প্ৰতিপন্ন হৈছে বুলি সংবাদ মাধ্যমৰ আগত দিলীপ নাথে জানিবলৈ দিয়ে ৷