অসম

assam

ETV Bharat / state

বিদ্যুতৰ অভাৱত গছৰ তলতে শিক্ষাগ্ৰহণ ছাত্ৰ-ছাত্ৰীৰ

ৰঙাপৰাৰ সোনাজুলি মধ্য ইংৰাজী বিদ্যালয়ত নাই বিদ্যুতৰ সংযোগঃ নানান সমস্যাৰ মাজত শিক্ষাৰ্থীয়ে গছ তলত বহি কৰিবলগীয়া হৈছে শিক্ষাগ্ৰহণ ৷

বিদ্যুতৰ অভাৱত গছ তলত বহি শিক্ষাগ্ৰহণ ছাত্ৰ-ছাত্ৰীৰ

By

Published : Aug 19, 2019, 4:04 AM IST

ৰঙাপৰা,18আগষ্টঃ ৰাজ্যৰ শিক্ষা বিভাগৰ অভিলাসি আঁচনিয়ে ঢুকি নোপোৱা এখন বিদ্যালয় ৷ য'ত গছৰ তলত বঢ়িয়েই পাঠ গ্ৰহণ কৰিব লগীয়া হৈছে ছাত্ৰ-ছাত্ৰীয়ে ৷ ৰঙাপৰাৰ সোনাজুলি মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে উৎকট গৰমৰ বাবেই এনেদৰে বিদ্যালয়ৰ চৌহদৰ গছৰ তলত বহিয়ে পাঠগ্ৰহণ কৰিবলগীয়া হৈছে ৷ ১৯৯১ চনৰ ১৯ নৱেম্বৰতে প্ৰাদেশিকীৰণ হোৱা বিদ্যালয়খনত নাই বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা, ছাত্ৰ-ছাত্ৰী অনুপাতে নাই ডেস্ক- বেঞ্চ, নাই বিদ্যুত সংযোগ। উল্লেখ্য যে, শিক্ষা অধিকাৰ আইনখন প্ৰণয়ন হ’ল যদিও বিদ্যালয়খনত মুঠ ৭৪২ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে আছে মাত্ৰ ৮ গৰাকী শিক্ষক। ১০-১২ কিলোমিটাৰ নিলগৰ পৰা চাইকেল মাৰি অহা ছাত্ৰ-ছাত্ৰী সকলে পৰ্যাপ্ত ডেস্ক-বেঞ্চ নথকাৰ বাবেই মাটিত বহিয়ে পাঠ গ্ৰহণ কৰিবলগীয়া হৈছে ৷

বিদ্যুতৰ অভাৱত গছ তলত বহি শিক্ষাগ্ৰহণ ছাত্ৰ-ছাত্ৰীৰ

ABOUT THE AUTHOR

...view details