তেজপুৰত পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্য তেজপুৰ, ২৯ নৱেম্বৰ :জনসাধাৰণক সজাগ কৰাত খুব চিৰিয়াছ হৈ পৰিছে মন্ত্ৰী শুক্লবৈদ্য ৷ বাইক ৰেলীৰ মানুহৰ মাজত সজাগতা সৃষ্টিৰ বাবে অৰঙে-দৰঙে ঘূৰি ফুৰিছে মন্ত্ৰীজন ৷ পথ-দুৰ্ঘটনা সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি তেওঁ মন্তব্য কৰে ৷ সুৰা সেৱন কৰি যান-বাহন চলোৱাৰ বাবেই ভাৰতবৰ্ষত বহু মানুহ মৃত্যু মুখত পৰে বুলি তেজপুৰত উপস্থিত হৈ মত প্ৰকাশ কৰে তেওঁ ৷
সুৰা সেৱন কৰি যান-বাহন নচলাবলৈ আৰু ৰাইজৰ মাজত পথ সজাগতা সৃষ্টি কৰিবলৈ মটৰ চাইকেল চলাই পৰিবহণ মন্ত্ৰীজনে ইতিমধ্যে ১৬ খন জিলা অতিক্ৰম কৰিছে । শেহতীয়াকৈ শোণিতপুৰ জিলাত সজাগতাৰ বাবে নিজেই বাইক চলাই উপস্থিত হৈছে মন্ত্ৰীজন ৷ প্ৰতিখন সভালৈ তেওঁ বাইকেৰেই যাত্ৰা কৰিছে ।
উল্লেখযোগ্য যে, শোণিতপুৰত জিলাত বিগত ২০২২ বৰ্ষত মুঠ 356 টা পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ বিপৰীতে 146 জন লোকৰ মৃত্যু ঘটিছে । আনহাতে চলিত বৰ্ষৰ ২৭ নৱেম্বৰলৈ মুঠ 329 টা পথ দুর্ঘটনাৰ বিপৰীতে বৰ্তমানলৈকে 159 জন লোকে পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাব লগা হৈছে । সেই বাবেই অসম চৰকাৰৰ পৰিবহণ বিভাগে জনসাধাৰণৰ সজাগতাৰ বাবে পথ সুৰক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰিছে ।
ইটিভি ভাৰতৰ লগত হোৱা এক আছুতীয়া সাক্ষাৎকাৰত পৰিবহণ আৰু আবকাৰী বিভাগৰ মন্ত্ৰীগৰাকীয়ে কয় যে সুৰাপান কৰি বাহন চলাচল কৰাটোৱেই ভুল । তেওঁ কয় যে, সুৰাৰ বটলত সুৰাপান স্বাস্থ্যৰ বাবে ক্ষতিকাৰক বুলি উল্লেখ থাকে ৷ যিসকলে সেৱন কৰে সেই অভ্যাস সীমিত হোৱাৰ প্ৰয়োজনীয়তা আছে ৷ সুৰাৰ বিপনী বৃদ্ধি হৈছে যদিও অবৈধ বিপনীৰ হ্ৰাস পাইছে বুলি দাবী কৰে তেওঁ ৷ ২০১৬ চনৰ পিচৰে পৰা সুৰাৰ মহল আৰু অবৈধ সুৰাৰ প্ৰচলন ক্ৰমান্বয়ে হ্ৰাস পোৱা বুলি উল্লেখ কৰে তেওঁ । কিন্তু মন কৰিবলগীয়া যে, শোণিতপুৰত নতুনকৈ পুনৰ ২৭ খন সুৰাৰ বিপনী খোলাৰ বাবে অনুমোদন জনাইছে মন্ত্ৰী শুক্লবৈদ্যৰ আবকাৰী বিভাগে ।
লগতে পঢ়ক :মই আপোনাক উৎসাহিত কৰিছো যে আপুনি কেতিয়াও মদ নাখাব;গাখীৰ খাব: পৰিমল শুক্লবৈদ্য