অসম

assam

ETV Bharat / state

ৰঙাপৰাত পুখুৰীত পৰি মৃত্যু এজনৰ

ৰঙাপৰা ভেলুৱাটাৰ গাঁৱৰ নিৱাসী তথা তিনিটা সন্তানৰ পিতৃ বিনোদ মুণ্ডাই ঘৰৰ কাষতে থকা পুখুৰীৰ পাৰলৈ যোৱাৰ সময়তে পিছল খাই পৰি অকাল মৃত্যুক সাৱটি লয় ৷

By

Published : Aug 3, 2019, 8:46 PM IST

ৰঙাপাৰাত পুখুৰীত পৰি মৃত্যু এজনৰ

শোণিতপুৰ, 3 আগষ্টঃ শোণিতপুৰৰ ৰঙাপৰাৰ ভেলুৱাটাৰত পুখুৰীত পৰি এজনৰ সলিল সমাধি ৷ অগ্নি নিৰ্বাপক বাহিনীয়ে উদ্ধাৰ কৰিলে মৃতদেহ ৷ ৰঙাপৰা ভেলুৱাটাৰ গাঁৱৰ নিৱাসী তথা তিনিটা সন্তানৰ পিতৃ বিনোদ মুণ্ডাই ঘৰৰ কাষতে থকা পুখুৰীৰ পাৰলৈ যোৱাৰ সময়তে পিছল খাই পৰি অকাল মৃত্যুক সাৱটি লয় । ঘটনাৰ খবৰ লাভ কৰাৰ পাচতে ৰঙাপৰা আৰক্ষী থানাৰ প্ৰভাৰী বুধিন পেগু আৰু ৰঙাপৰাৰ অগ্নি নিৰ্বাপক বাহিনীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় । ৰাইজৰ সহযোগত অভিযানকাৰী দলটোৱে প্ৰায় তিনিঘণ্টা ধৰি পুখুৰীটোত অভিযান চলোৱাৰ পাচত মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

ৰঙাপৰাত পুখুৰীত পৰি মৃত্যু এজনৰ

ABOUT THE AUTHOR

...view details