অসম

assam

ETV Bharat / state

Sonai Rupai Wildlife Sanctuary : অসমৰ অভয়াৰণ্যত নতুনকৈ সম্ভেদ পোৱা গ’ল ২০ টা স্তন্যপায়ী প্ৰজাতিৰ - অসমৰ অভয়াৰণ্যত নতুনকৈ সম্ভেদ পোৱা গ’ল ২০ টা

সোণাই ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যত নতুনকৈ 20 টা স্তন্যপায়ী প্ৰজাতিৰ তথ্য লাভ ৷ শোণিতপুৰ জিলাৰ পশ্চিম বন্যপ্ৰাণী সংমণ্ডলৰ নামেৰী ব্যাঘ্র সংৰক্ষিত বনাঞ্চল ক্ষেত্ৰ সঞ্চালকে প্ৰকাশ কৰিছে এই তথ্য (Mammal Species found in Assam’s Wildlife Sanctuary) ৷

Sonai Rupai Wildlife Sanctuary
নতুনকৈ সম্ভেদ পোৱা গ’ল ২০ টা স্তন্যপায়ী প্ৰজাতিৰ

By

Published : May 3, 2023, 12:29 PM IST

তেজপুৰ, 3 মে':অসম অৰুণাচল প্ৰদেশৰ সীমান্তত শোণিতপুৰ জিলাৰ সোণাই ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যত 20 টা স্তন্যপায়ী প্ৰজাতিৰ অৱস্থিতিৰ তথ্য লাভ কৰা হৈছে ৷ কেমেৰা ট্রেপিংৰ জৰিয়তে এই তথ্য লাভ কৰিছে অভয়াৰণ্য কৰ্তৃপক্ষই । মঙলবাৰে অসম চৰকাৰৰ বন বিভাগৰ শোণিতপুৰ জিলাৰ পশ্চিম বন্যপ্ৰাণী সংমণ্ডলৰ নামেৰী ব্যাঘ্র সংৰক্ষিত বনাঞ্চল ক্ষেত্ৰ সঞ্চালকে এই তথ্য প্ৰকাশ কৰিছে (Mammal Species found in Assam’s Wildlife Sanctuary) ।

নতুনকৈ সম্ভেদ পোৱা গ’ল ২০ টা স্তন্যপায়ী প্ৰজাতিৰ

সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যত নামেৰী ব্যাঘ্র সংৰক্ষিত বনাঞ্চলে প্ৰথমটো পদ্ধতিগত কেমেৰা ট্ৰেপিং জৰীপ চলাইছিল 2022 চনৰ নৱেম্বৰৰ পৰা ডিচেম্বৰ মাহলৈকে । উল্লেখ্য যে, সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্য অঞ্চলটোৱে নামেৰী ব্যাঘ্র সংৰক্ষিত বনাঞ্চলৰ মূল অংশ সংযোগ কৰে । এই বন্যপ্ৰাণী অভয়াৰণ্য মুঠ 220 বৰ্গ কিলোমিটাৰ জুৰি বিস্তৃত । ই গ্ৰেট হিমালয়ান ৰেঞ্জৰ পাদদেশত অৱস্থিত (Sonai Rupai Wildlife Sanctuary in Sonitpur) ।

নতুনকৈ সম্ভেদ পোৱা গ’ল ২০ টা স্তন্যপায়ী প্ৰজাতিৰ

তেজপুৰ চহৰৰ পৰা 52 কিলোমিটাৰ আৰু গুৱাহাটীৰ পৰা 232 কিলোমিটাৰ দূৰত্বত অৱস্থিত এই অঞ্চলটো 1998 চনত অভয়াৰণ্য হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল ৷ অভয়াৰণ্যখনত বিভিন্ন প্ৰজাতিৰ 10 টা পৰিয়ালৰ অন্তৰ্গত মুঠ 20 টা স্তন্যপায়ী প্ৰজাতিৰ তথ্য পোৱা গৈছে কেমেৰাৰ ট্রেপিঙৰ জৰিয়তে । বন বিভাগৰ তালিকাত অন্তৰ্ভুক্ত হোৱা স্তন্যপায়ী প্ৰজাতিৰ ভিতৰত নাহৰফুটুকী, ক্লাউডেড নাহৰফুটুকী, বন্য কুকুৰ, সোণালী শিয়াল, এছিয়ান হাতী, ভাৰতীয় গৌৰ, হালধীয়া ডিঙিৰ মাৰ্টিন, বিন্টুৰঙকে ধৰি আৰু বহুতো নতুন প্ৰজাতিৰ জীৱ-জন্তুৰ সম্ভেদ পোৱা গৈছে বুলি জানিবলৈ দিয়ে ।

নতুনকৈ সম্ভেদ পোৱা গ’ল ২০ টা স্তন্যপায়ী প্ৰজাতিৰ

এই বিষয়ে ইতিমধ্যে এক বিশদ তালিকা বন বিভাগে মুকলি কৰিছে ৷ 'বাঘৰ অৱস্থা, 2016' ৰ চতুৰ্থ পৰ্যায়ৰ নিৰীক্ষণৰ অংশ হিচাবে এই সমীক্ষা চলোৱা হৈছিল । জৰীপটোৰ ডিজাইন আৰু ৰূপায়ণ কৰিছিল বন বিষয়া আৰু নামেৰী ব্যাঘ্র সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ-কৰ্মীসকলে । জৰীপটোৱে জৈৱ বৈচিত্ৰ্যৰ মূল্যৱান তথ্য প্ৰদান কৰে আৰু ই সোণাই-ৰূপাই সংৰক্ষিত বনাঞ্চলত ভৱিষ্যতৰ সংৰক্ষণ প্ৰচেষ্টাত সহায় কৰিব বুলি আশা কৰা হৈছে ।

নতুনকৈ সম্ভেদ পোৱা গ’ল ২০ টা স্তন্যপায়ী প্ৰজাতিৰ

জানিবলৈ পৰা মতে জৰীপৰ প্ৰাৰম্ভিক প্ৰতিবেদন অসমৰ মুখ্য বন্যপ্ৰাণী অধ্যক্ষক দাখিল কৰা হ'ব আৰু নামেৰী টাইগাৰ ৰিজাৰ্ভে এই জৰীপ সন্দৰ্ভত বিশদ প্ৰতিবেদন প্ৰকাশ কৰাৰ পৰিকল্পনা কৰিছে ।

লগতে পঢ়ক :Ramsar Site Deepor Beel : দীপৰ বিল সংৰক্ষণত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী

ABOUT THE AUTHOR

...view details