তেজপুৰ,১৭ আগষ্ট: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পোহনীয়া হাতীক ৰেবিজ প্ৰতিষেধক প্ৰদান কৰে ৰাষ্ট্ৰীয় উদ্যানৰ পশু চিকিৎসা বিভাগে । সোমবাৰৰ পৰা আৰম্ভ কৰা এই প্ৰতিষেধক উদ্যানৰ সকলো হাতীকে প্ৰদান কৰা হ'ব বুলি জানিব পৰা গৈছে ।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ হাতীক ৰেবিজ প্ৰতিষেধক প্ৰদান অসমৰ বানপানীৰ পিছত জীৱ জন্তুৰ যথেষ্ট পৰিমাণে ক্ষতি সাধন হয় আৰু ইয়াৰ প্ৰধান কাৰণ বহু দিনলৈকে পানী আৰু বোকাত থকাৰ বাবে ৰেবিজ নামৰ এবিধ ৰোগে আক্ৰমণ কৰা । আৰু এই ৰোগৰ প্ৰতিৰোধ কৰিবলৈ পশু চিকিৎসা বিভাগে ৰেবিজ প্ৰতিষেধক প্ৰদান কৰে । যোৱা তিনিটা বানৰ কবলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৱৰ্তী ঠাইত বহু কেইটা গৰু মৃত্যু ঘটিছিল ।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৱৰ্তী অঞ্চলত মুঠ ১৬ টা গৰুৰ মৃত্যু হৈছিল যোৱা ২৮ জুলাই ৰ পৰা ১৭ আগষ্ট লৈকে । ইয়াৰ ভিতৰত ৰঙাজানত ১৩ তা , মিহিমুখত ১ টা আৰু পিল খানাত ২ টা গৰুৰ এই ৰোগত আক্রান্ত হৈ মৃত্যু হোৱাৰ তথ্য পৰীক্ষাগাৰৰ পৰা পাইছে , আৰু তাৰ বাবে প্ৰতিষেধকৰ বাবে ৰাষ্ট্ৰীয় উদ্যানৰ হাতীক এই এন্টি ৰেবিজ ভেকচিন সোমবাৰৰ পৰা প্ৰদান কৰিছে ।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ হাতীক ৰেবিজ প্ৰতিষেধক প্ৰদান উদ্যানখনৰ সকলো ৰেঞ্জৰ মুঠ ৬১ টা হাতী আৰু তিনিটা নতুনকৈ জন্ম হোৱা পোৱালীক এই প্ৰতিষেধক প্ৰদান কৰিব বুলি উদ্যানৰ পশু চিকিৎসা বিভাগৰ পৰা জানিব পৰা গৈছে ।সোমবাৰে কাজিৰঙা ৰেঞ্জত এই প্ৰতিষেধক প্ৰদান কৰে আৰু বিশ্বনাথ চাৰিআলিৰ নৰদান ৰেঞ্জত ও প্ৰদান কৰা হ'ব বুলি জানিবলৈ দিছে বিভাগীয় কতৃপক্ষই ।
লগতে পঢ়ক :আফগানিস্তানত পাঁচ তালিবানী সন্ত্ৰাসবাদী নিহত