অসম

assam

ETV Bharat / state

নামনি সোৱণশিৰিৰ পৰা পুনৰ এজন সেনা জোৱান নিৰুদ্দেশ

অৰুণাচল প্ৰদেশৰ নামনি সোৱণশিৰিত পুনৰ অঘটন ৷ চলিত বৰ্ষৰ ২৮ মে'ত প্ৰকাশ সিং ৰানা আৰু হৰেন্দ্ৰৰ সিং খৰস্ৰোতা এখন নদীত পৰি সন্ধানহীন হোৱাৰ পাচতে চলিত মাহৰ ২৬ তাৰিখে আৰু এজন সেনা জোৱান নিৰুদ্দেশ হৈ পৰে (Indian army missing from Namni Sovanshiri in Arunachal Pradesh) ৷ বৰ্তমানেও নিৰুদ্দিষ্ট সেনা জোৱানকেইজনৰ কোনো সন্ধান লাভ কৰা নাই ভাৰতীয় সেনা বাহিনীয়ে ৷ বুধবাৰে এই কথা সদৰি কৰে সেনা জোৱানৰ প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰগৰাকীয়ে ৷

By

Published : Jun 29, 2022, 9:02 PM IST

Indian army missing from Namni Sovanshiri
পূৱ অৰুণাচল প্ৰদেশৰ নামনি সোৱণশিৰিৰ পৰা পুনৰ এজন সেনা জোৱান নিৰুদ্দেশ

তেজপুৰ, ২৯ জুন :অৰুণাচল প্ৰদেশৰ নামনি সোৱণশিৰিত পুনৰ অঘটন ৷ পূৱ অৰুণাচল প্ৰদেশৰ নামনি সোৱণশিৰিত পুনৰ এজন সেনাৰ JCO বিষয়া হৈছে নিৰুদ্দেশ ৷ বুধবাৰে এই তথ্য প্ৰকাশ কৰিছে ভাৰতীয় সেনাৰ তৃতীয় ক'ৰে । তথ্য অনুসৰি, বিগত দুটা মাহত সেনা জোৱান নিৰুদ্দেশ হোৱাটো এইটো দ্বিতীয়টো ঘটনা ৷

বুধবাৰে বিয়লি সেনা জোৱানৰ প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰই উল্লেখ কৰা অনুসৰি, অইন দিনাৰ দৰে চলিত মাহৰ ২৬ তাৰিখে বিয়লি প্ৰায় ২ বজাত নামনি সোৱণশিৰিৰ এক দুৰ্গম অঞ্চলত সেনা জোৱানজনে পেট্ৰলিং দিবলৈ গৈছিল ৷ তেনে সময়তে সেই দুৰ্গম অঞ্চলৰ পৰা হঠাৎ পিছলি পাহাৰৰ নামনিত থকা এটা জলাশয়ত পৰি যায় সেনা জোৱান চুবেদাৰ আমৰেণ্ড কুমাৰ ৷

পূৱ অৰুণাচল প্ৰদেশৰ নামনি সোৱণশিৰিৰ পৰা পুনৰ এজন সেনা জোৱান নিৰুদ্দেশ

লগে লগে সেনা জোৱানৰ দলটোৱে স্থানীয় লোকৰ সহায়ত উদ্ধাৰ অভিযান আৰম্ভ কৰে ৷ কিন্তু আজিও সেনা জোৱানজনৰ সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই (Indian army missing from Namni Sovanshiri in Arunachal Pradesh) ৷ এই কথা সদৰি কৰে প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰগৰাকীয়ে ৷

আনহাতে, চলিত বৰ্ষৰ ২৮ মে'ত ভাৰত-চীন সীমান্তৰ অৰুণাচল প্ৰদেশৰ আঞ্জাও জিলাৰ ছাগলাগাম অঞ্চলত থকা এখন খৰস্ৰোতা নদীৰ সোঁতত উটি যায় দুজন ভাৰতীয় সেনা জোৱান ৷ সেনা জোৱান কেইজন ক্ৰমে প্ৰকাশ সিং ৰানা আৰু হৰেন্দ্ৰৰ সিং বুলি জানিব পৰা গৈছে ৷

পুনৰ এজন সেনা জোৱান নিৰুদ্দেশ

অৱশ্যে বৰ্তমানেও সন্ধানহীন হোৱা জোৱানকেইজৰ কোনো তথ্যই লাভ কৰা নাই ভাৰতীয় সেনা বাহিনীয়ে ৷ এই কথা সদৰি কৰিছে সেনা জোৱানৰ প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰগৰাকীয়ে ৷

লগতে পঢ়ক :New Labour Law : নতুন শ্ৰমিক আইনক লৈ বিতৰ্ক

ABOUT THE AUTHOR

...view details