তেজপুৰ,২৯ ডিচেম্বৰ :যোৱা ৪ ডিচেম্বৰত নাগালেণ্ডৰ মন জিলাৰ ওটিং গাঁৱত সংঘটিত সেনাৰ ২১ পেৰাট্ৰুপৰ উগ্ৰপন্থী বিৰোধী অভিযানৰ গুলীবর্ষণত ১৪ গৰাকী সাধাৰণ লোকৰ মৃত্যু হৈছিল (14 civilians were killed in Nagaland firing)। এই ঘটনাৰ পাছতে নাগালেণ্ডৰ মন জিলাৰ ঘটনাৰ (Nagaland Firing Incident) তদন্তৰ বাবে ভাৰতীয় সেনাই গঠন কৰা তদন্তকাৰী দল বুধবাৰে ওটিং গাঁৱৰ স্থানসমূহ পৰিদৰ্শন কৰে বুলি জানিব পৰা গৈছে । ভাৰতীয় সেনাৰ এগৰাকী জ্যেষ্ঠ পদবীৰ বিষয়া, এগৰাকী মেজৰ জেনেৰেলৰ নেতৃত্বত তদন্তকাৰী দলটোৱে ঘটনাটো কি পৰিস্থিতিত সংঘটিত হৈছিল তাৰ বুজ লয় ।
দলটোৱে পৰিস্থিতিটো ভালদৰে বুজি পোৱাৰ বাবে সাক্ষীসকলক লগত লৈ যায় আৰু ঘটনাবোৰ কেনেদৰে সংঘটিত হৈছিল তাৰ বুজ লয় । পৰৱৰ্তী সময়ত, দলটো ১ বজাৰ পৰা ৩ বজাৰ ভিতৰত মন জিলাৰ টিজিট আৰক্ষী থানাত উপস্থিত হয় । ঘটনা সম্পৰ্কীয় মূল্যৱান তথ্য উদঘাটনৰ বাবে দলটোৱে আহতসকলক চিকিৎসা প্ৰদান কৰা অসামৰিক লোক, আৰক্ষী কৰ্মী আৰু চিকিৎসকসকলক অন্তৰ্ভুক্ত কৰি সমাজৰ অন্য শাখাক সাক্ষাৎ কৰিব বুলি জানিব পৰা গৈছে ।