অসম

assam

ETV Bharat / state

জৰাজীৰ্ণ অৱস্থাত উত্তৰ অসমৰ জীয়া ভৰলী দলং

প্ৰায়েই উন্নয়নৰ ফুলজাৰি চটিওৱা এইখন চৰকাৰৰ দিনতেই এলাগী হৈ পৰি ৰৈছে উত্তৰ অসমৰ একমাত্ৰ দীঘলীয়া দলং জীয়া ভৰলী দলংখন (Dilapidated condition of Jia Bharali Bridge ) ৷ মেৰামতিৰ অভাৱত দলংখনৰ মূৰৰ ওপৰ ভাগৰ আধা অংশৰ চিমেণ্টৰ প্লাষ্টাৰ ভাঙি যোৱা পৰিলক্ষিত হৈছে ৷ চাওক এই প্ৰতিবেদন...

By

Published : Apr 13, 2022, 7:53 PM IST

dilapidated-condition-of-jia-bharali-bridge-in-sonitpur
জৰাজীৰ্ণ অৱস্থাত উত্তৰ অসমৰ জীয়া ভৰলী দলং

তেজপুৰ, 13 এপ্ৰিল: উত্তৰ অসমৰ শোণিতপুৰ জিলাৰ একমাত্ৰ দীঘলীয়া দলং জীয়া ভৰলী দলঙৰ (Jia Bharali Bridge) অৱস্থা সম্প্ৰতি জৰাজীৰ্ণ অৱস্থা (Dilapidated condition of Jia Bharali Bridge) । ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত জীয়া ভৰলী নদীৰ ওপৰত শোণিতপুৰ জিলাৰ খনামুখ আৰু টৌভঙাৰ মাজত 15 নং ৰাষ্ট্ৰীয় ঘাইপথত সংযোগ স্থাপন কৰা এই দলংখন উত্তৰ অসমৰ একমাত্ৰ প্ৰাণকেন্দ্ৰ আৰু চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰো যোগাযোগৰ মূল মাধ্যম ।

পিছে এই একমাত্ৰ দীঘলীয়া দলংখন সম্পূৰ্ণৰূপে মেৰামতি নকৰাৰ ফলত বৰ্তমান যান-বাহন চলাচল কৰাৰ বাবে এক অসুবিধাৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা গৈছে । উল্লেখ্য যে, 1962 চনৰ 26 আগষ্ট তাৰিখে তেতিয়াৰ গড়কাপ্তানী বিভাগৰ (PWD Department) মুখ্য সচিব তথা মুখ্য অভিযন্তা কমলেশ্বৰ বৰুৱাই উদ্বোধন কৰা এই 600 মিটাৰ দীঘল দলংখনৰ মূৰৰ ওপৰ ভাগৰ আধা অংশৰ চিমেণ্টৰ প্লাষ্টাৰ ভাঙি যোৱা পৰিলক্ষিত হৈছে ৷

লগতে চীনা যুদ্ধৰ সময়ত নিৰ্মাণ হোৱা এই দলংখনৰ মাজভাগত ভয়ংকৰভাৱে ফাঁট মেলাও দেখিবলৈ পোৱা গৈছে ৷ ইতিমধ্যে বিশেষজ্ঞৰ মতে, দলংখনৰ বহন ক্ষমতাও হ্ৰাস পাইছে । ইফালে দৈনিক হাজাৰ হাজাৰ গধুৰ আৰু লঘু যান-বাহন চলাচল কৰা দলংখনৰ লোৰ ৰেলিং সমূহ ভাঙি চূৰমাৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে (Poor condition of Jia Bharali Bridge) ৷

জৰাজীৰ্ণ অৱস্থাত উত্তৰ অসমৰ জীয়া ভৰলী দলং

বহু বছৰ পূৰ্বে এবাৰ দলংখন মেৰামতি কৰিছিল যদিও বিভাগটোৱে কিন্তু মেৰামতিৰ কামফেৰাও সম্পূৰ্ণৰূপে নকৰিলে । বিশেষ সূত্ৰ মতে, দলংখনৰ নিৰ্মাণৰ 25 বছৰ পিছত সম্পূৰ্ণ মেৰামতি কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল তেতিয়াৰ নির্মাণকাৰী সংস্থাই । পিছে আজি পৰ্যন্ত এইক্ষেত্ৰত চৰকাৰৰ কোনোধৰণৰ গুৰুত্ব দিয়া দেখা নগ’ল ৷

সম্প্ৰতি দলংখনৰ এনেকুৱা পৰিস্থিতি হৈছেগে যে এখন বাহন দলঙৰ ওপৰেৰে চলাচল কৰিলেই সমগ্ৰ দলংখনত জোঁকাৰণিৰ সৃষ্টি হয় । এই বিষয়ে বিভাগীয় কৰ্তৃপক্ষক যোগাযোগ কৰাত তেওঁলোকৰ উৰ্দ্ধতম কৰ্তৃপক্ষৰ লগত আলোচনা কৰাৰ কথা ফোন যোগে জানিবলৈ দিয়ে ।

আনহাতে, ৰাজ্য চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সময় থাকোতেই এই বিষয়ে ব্যৱস্থা গ্ৰহণ নকৰিলে ভৱিষ্যতে আৰু জটিলতাৰ দিশে গতি কৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি । ইতিমধ্যে বাৰিষা সম্ভাব্য বানপানীৰ পৰা নৈ পৰীয়া লোকক সকাহ দিবলৈ জলসম্পদ বিভাগে সম্প্ৰতি জিয়াভৰলী নদীৰ ওপৰত থকা এই দলংখনৰ তলত নদীৰ খনন কাৰ্য আৰম্ভ কৰিছে ৷

লগতে পঢ়ক:নিৰ্বাচনী গীতৰে ভোটাৰক আকৰ্ষণ কৰাৰ চেষ্টা আঙুৰলতা ডেকাৰ

ABOUT THE AUTHOR

...view details