মেজিকত মৃতদেহ ! - ৰঙাপৰা
যাত্ৰীবাহী মেজিকত মৃতদেহ উদ্ধাৰ ৷ চালকে সংকটজনক অৱস্থাত প্ৰত্যক্ষ কৰে বৃদ্ধক

ৰঙাপৰা, 20 জুলাই : ৰঙাপৰাত যাত্ৰীবাহী মেজিকত মৃতদেহ উদ্ধাৰ ৷ এ এছ 12 বি চি নম্বৰৰ মেজিক গাড়ীখনত বৃদ্ধজন ৰঙাপৰা অভিমুখে আহি আছিল ৷ পাছত গাড়ীখন ৰঙাপৰা আহি পোৱাৰ পাছতে বৃদ্ধজনক নমাই দিয়াৰ উদ্দেশ্যৰে চালক গৰাকীয়ে পিছফালৰ দৰ্জাখন খুলি দিয়াত বৃদ্ধ গৰাকীক সংকটজনক অৱস্থাত প্ৰত্যক্ষ কৰে । চালক গৰাকীয়ে ৰঙাপৰা আৰক্ষী থানাত অৱগত কৰাৰ লগতে ৰঙাপৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায় । পাছত চিকিৎসকে বৃদ্ধ গৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰি মৃত বুলি ঘোষণা কৰে ৷ বৰ্তমানলৈ জানিব পৰা হোৱা নাই মৃত লোকজনৰ পৰিচয় ৷