তেজপুৰ, ২৯ এপ্ৰিল: তেজপুৰ লোকসভা সমষ্টিৰ শোণিতপুৰৰ জিলাৰ পাঁচটা বিধানসভা সমষ্টিৰ অন্তৰ্গত দৰং মহাবিদ্যালয়ত থকা ষ্ট্ৰং ৰূমত উপস্থিত তেজপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী এম জি ভি কে ভানু । সোমবাৰে হঠাৎ ষ্ট্ৰং ৰূমত উপস্থিত হয় ভানু ।
ই ভি এম সমূহ সুৰক্ষিত ভাৱে আছে নে নাই ইয়াৰে অনুসন্ধান চলালে ভানুৱে । কাৰণ দেওবাৰে নিশা তেজপুৰৰ পৰা ২০০০ টা বেলট ইউনিট নিয়া হৈছিল গুৱাহাটীৰ আমিনগাঁৱলৈ ৷ বেলট ইউনিট সমূহ প্ৰকৃততে ব্যৱহাৰ কৰা নে নকৰা ? আনহাতে গুৱাহাটীলৈ নিয়া বেলট ইউনিট সমূহ কিয় ব্যক্তিগত গুডামত ৰখা হ’ল । এনে বিভিন্ন প্ৰশ্নৰ উত্তৰ বিচাৰি তেজপুৰ লোকসভা সমষ্টিৰ ৰিটাৰ্ণিং বিষয়াৰ সৈতে এই সন্দৰ্ভত কথা পাতিলে ভানুৱে ৷ অৱশ্যে নিৰ্বাচন আয়োগৰ ওচৰত এই সমগ্ৰ ঘটনাৰ তদন্ত দাবী কৰিছে কংগ্ৰেছৰ প্ৰাৰ্থী ভানুৱে ।