অসম

assam

ETV Bharat / state

তেজপুৰত বিধ্বংসী অগ্নিকাণ্ডঃ নিমিষতে ভষ্মিভূত ৰাগিনী এণ্টাৰ প্ৰাইজ

বুধবাৰে সংঘটিত এই অগ্নিকাণ্ডত ভষ্মীভূত হয় ৰাগিনী এণ্টাৰ প্ৰাইজ নামৰ এটা ব্যৱসায়ীক প্ৰতিষ্ঠান ৷ উল্লেখ্য যে, চহৰখনৰ ভিতৰতে গাড়ীৰ সামগ্ৰীৰ একমাত্ৰ প্ৰতিষ্ঠান আছিল ৰাগিনী এণ্টাৰপ্ৰাইজ ৷ আৰক্ষী আৰু বায়ু সেনা বাহিনীৰ অগ্নি নিৰ্বাপকে বহু চেষ্টাৰ অন্তত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷

তেজপুৰত বিধ্বংসী অগ্নিকাণ্ডঃনিমিষতে ছাৰ-খাৰ ৰাগিনী এণ্টাৰ প্ৰাইজ

By

Published : Apr 18, 2019, 2:23 AM IST


তেজপুৰ,১৭এপ্ৰিল: তেজপুৰ চহৰৰ নিকামুলত বিধ্বংসী অগ্নিকাণ্ড৷ বুধবাৰে সংঘটিত এই অগ্নিকাণ্ডত ভষ্মীভূত হয় ৰাগিনী এণ্টাৰ প্ৰাইজ নামৰ প্ৰতিষ্ঠান এটা৷ উল্লেখ্য যে চহৰখনৰ ভিতৰতে গাড়ীৰ সামগ্ৰীৰ একমাত্ৰ প্ৰতিষ্ঠান ৰাগিনী নিশা প্ৰায় ৯.৪৫ বজাত দাও দাও কৈ জ্বলি উঠে ।

তেজপুৰত বিধ্বংসী অগ্নিকাণ্ডঃনিমিষতে ছাৰ-খাৰ ৰাগিনী এণ্টাৰ প্ৰাইজ

জানিব পৰা মতে ৭ খন অগ্নি নিৰ্বাপক বাহনেও নিয়ন্ত্ৰিণ কৰিব পৰা নাই অগ্নিৰ শিখা ।
প্ৰায় ৫০ লাখ টকাৰ গাড়ীৰ আছ বাব থকা প্ৰতিষ্ঠানটো নিমিষতে ধ্বংসস্তুপত পৰিণত হয়৷ এই মুহূৰ্তলৈকে আৰক্ষী আৰু বায়ু সেনা বাহিনীৰ অগ্নি নিৰ্বাপকে জুই নমাবলৈ চেষ্টা অব্যাহত ৰাখিছে৷

ABOUT THE AUTHOR

...view details