অসম

assam

ETV Bharat / state

স্ব-গৃহলৈ নাগালেণ্ডত উগ্ৰপন্থীৰ গুলীত নিহত জোৱানৰ নশ্বৰদেহ

নাগালেণ্ডত উগ্ৰপন্থীৰ গুলীত নিহত জোৱানৰ ঘৰত শোকৰ ছাঁ ৷ যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পাচতে অসম ৰাইফলছৰ বিশেষ বাহনেৰে বেৰাজানৰ পিতৃগৃহলৈ লৈ অহা হ'ব জোৱানজনৰ নশ্বৰদেহ ৷

স্বগৃহলৈ নগালেণ্ডত উগ্ৰপন্থীৰ গুলীত নিহত জোৱানৰ নশ্বৰদেহ

By

Published : May 26, 2019, 7:37 PM IST

Updated : May 26, 2019, 8:52 PM IST

ৰঙাপাৰা, 26 মে' : নাগালেণ্ডৰ ম'ন জিলাত আলফা আৰু NSCN(K)ৰ গুলীত নিহত অসম ৰাইফলছৰ জোৱান কালী দাসৰ ঘৰত এতিয়া বিৰাজ কৰিছে শোকৰ ছাঁ ৷ কান্দোনৰ ৰোল শ্বহীদ জোৱানজনৰ শোণিতপুৰৰ খনামুখৰ বেৰাজানৰ বাসগৃহত ৷ আততায়ীৰ গুলীত নিহত শ্বহীদ জোৱানজনৰ নশ্বৰদেহ যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পাচতে অসম ৰাইফলছৰ বিশেষ বাহনেৰে লৈ অহা হ'ব বেৰাজানৰ পিতৃগৃহলৈ ৷ শ্বহীদ জোৱান কালী দাসৰ নশ্বৰদেহ লৈ ঘৰলৈ আনি থকাৰ এই খবৰ লাভৰ পাচতে শেষবাৰৰ বাবে কালী দাসক শ্ৰদ্ধা জনাবলৈ পিতৃগৃহত ভিৰ কৰিছে পৰিয়াল, আত্মীয় তথা গাঁওবাসীয়ে ৷ বীৰ শ্বহীদগৰাকীৰ নশ্বৰদেহ বাসগৃহ আহি পোৱাৰ পাচতে সামৰিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হ'ব ৷

স্বগৃহলৈ নগালেণ্ডত উগ্ৰপন্থীৰ গুলীত নিহত জোৱানৰ নশ্বৰদেহ

ইপিনে অসম ৰাইফলছ তথা জিলা প্ৰশাসনে শ্বহীদৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন পৰিয়ালৰ লোকৰ ৷ বীৰ শ্বহীদগৰাকীৰ নশ্বৰদেহ বিমানযোগে অনাৰ দাবী জনোৱাৰ পাচতো স্থলপথেৰে অনাৰ বাবেই বহু পলম হোৱাৰ অভিযোগ তুলিছে পৰিয়ালৰ লোকে ৷

উল্লেখ্য যে, শনিবাৰে দুপৰীয়া অসম ৰাইফলছৰ ওপৰত আলফা আৰু NSCN(K)ৰ সংঘটিত কৰা আক্ৰমণত প্ৰাণ গৈছিল দুগৰাকীকৈ বীৰ জোৱানৰ ৷ উক্ত ঘটনাতে নিহত হৈছিল অসম ৰাইফলছৰ ৪০ নং বেটেলিয়নৰ নায়ক চুবেদাৰ দীননাথ ৰাম (JC 2850827 NB SUB/4D) আৰু ৰাইফলমেন কালিদাস শৰ্মা (No 2851737 L RFN/GD) ৷

Last Updated : May 26, 2019, 8:52 PM IST

ABOUT THE AUTHOR

...view details