অসম

assam

Man Elephant conflict at Rangapara : গুলি-আতজবাজীৰে নহয়;লাঠিৰে ঔকিল পৰিল লাডেনৰ পিঠিত

By

Published : Dec 2, 2021, 9:22 PM IST

ৰঙাপৰাত অব্যাহত আছে হাতী-মানুহৰ সংঘাত(Man Elephant conflict at Rangapara) ৷ গুলি-আতচবাজী ফুটাই নহয়, এইবাৰ লাঠিৰে কোবাই খেদি পঠিয়াবলৈ চেষ্টা কৰা হৈছে লাডেনক ৷ লাডেনৰ মুক্ত বিচৰণক লৈ শংকিত হৈ পৰিছে স্থানীয় ৰাইজ ৷ লাঠিৰ কোব খাই আকৌ ৰাইজলৈ চোঁচা লৈছে লাডেনে ৷ চাওক এই বিশেষ প্ৰতিবেদন...

angry-villagers-resort-to-brutality-to-chase-away-wild-elephant-at-rangapara
ৰঙাপৰাত বনৰীয়া হাতীক লাঠিৰে কোব ৰাইজৰ

ৰঙাপৰা, 2 ডিচেম্বৰ : ৰঙাপৰাত বন্যহস্তীৰ পিঠিত পৰিল ঔকিল ৷ গুলি-আতচবাজী ফুটাই নহয়, এইবাৰ লাঠিৰে কোবাই খেদিছে লাডেনক ৷ মৰণত শৰণ দি ‘লাডেন’ নামেৰে পৰিচিত বনৰীয়া হাতীটোৰ পিছফালে লাঠিৰে কোবাইছে কেইজনমান যুৱকে(Villagers resort to brutality to chase away laden) ৷ লাঠিৰ কোব খাই আকৌ যুৱক কেইজনলৈ তীব্ৰ গতিত চোঁচা লৈছে হাতীটোৱে ৷ কথমপি প্ৰাণ ৰক্ষা পৰিছে যুৱক কেইজনৰ ৷

ৰঙাপৰাৰ বহুকেইটা অঞ্চলত বিচৰণ কৰি থকা প্ৰকাণ্ড দঁতাল বনৰীয়া হাতীটোক লাঠিৰে কোবাই আঁতৰাই পঠিয়াবলৈ চেষ্টা কৰিছে গাঁওবাসীয়ে ৷ কিয়নো, বনৰীয়া হাতীৰ উপদ্ৰৱ(Elephant menace triggers panic at Rangapara)ত অতিষ্ঠ হৈ পৰিছে স্থানীয় ৰাইজ ৷ ৰঙাপৰা অঞ্চলত কেতিয়াবা যদি বনৰীয়া হাতীয়ে মানুহক খেদিছে, অন্য কেতিয়াবা আকৌ মানুহে ভয় নকৰাকৈ খেদিছে বনৰীয়া হাতী ।

ৰঙাপৰাত বনৰীয়া হাতীক লাঠিৰে কোব ৰাইজৰ

শোণিতপুৰ জিলাৰ ৰঙাপৰাত অব্যাহত আছে হাতী-মানুহৰ সংঘাত(Man Elephant conflict at Rangapara) ৷ ৰঙাপৰাৰ চৌদিশে এতিয়া কেৱল দেখিবলৈ পোৱা যায় বনৰীয়া হাতীৰ মুক্ত বিচৰণ(Elephant menace at Rangapara) । প্ৰতিখন চাহ বাগিছা যেন এতিয়া বন্যহস্তীৰ বিচৰণস্থলীলৈ পৰিণত হৈছে ৷ শেহতীয়াকৈ পুনৰ বন্যহস্তীৰ উপদ্ৰৱে চিন্তিত কৰি তুলিছে ৰাজ্যবাসীক ৷

বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰি বন্যহস্তীয়ে মানুহৰ খেতি-বাতি বিনষ্ট কৰাৰ লগতে ঘৰ-দুৱাৰ ভাঙিও তহিলং কৰে ৷ যাৰ ফলস্বৰূপে নিদ্ৰাহীন নিশা পাৰ কৰিবলগীয়া হয় গাঁওবাসীয়ে ৷ উল্লেখ্য যে, হাতীৰ পৰিসংখ্যাৰ ক্ষেত্ৰত ভাৰতৰ ৰাজ্য কৰ্ণাটকৰ (6049) পাচত দ্বিতীয় সৰ্ববৃহৎ ৰাজ্য হৈছে অসম ৷ ব্যাপক বনধ্বংস আৰু হাতীৰ খাদ্যৰ অভাৱৰ বাবে মানুহ আৰু হাতীৰ সংঘাত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে ৷

বন বিভাগে প্ৰদান কৰা প্ৰতিবেদন অনুসৰি অসমত যোৱা 10 বছৰত বনৰীয়া হাতীৰ আক্ৰমণত 890 গৰাকী লোকে প্ৰাণ হেৰুৱাইছে ৷ শোণিতপুৰ জিলাত সম্প্ৰতি বন্যহস্তীৰ ফলত সৰ্বাধিক মৃত্যু হোৱা লোকৰ সংখ্যা 124 গৰাকী, ওদালগুৰি জিলাত 118 গৰাকী আৰু গোৱালপাৰা জিলাত 78 গৰাকী ৷

লগতে পঢ়ক :হাতী-মানুহৰ সংঘাত ৰোধিবলৈ WWF আৰু Forest Depertmentৰ বিশেষ ব্যৱস্থা গ্ৰহণ

ABOUT THE AUTHOR

...view details