তেজপুৰ, ২০ জুন: অসমৰ বিশ্ববিদ্যালয়সমূহত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ নামত এখন আসন সংৰক্ষণৰ বাবে চৰকাৰক আহ্বান আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ ৷ সৈনিক শিল্পীগৰাকীৰ মৃত্যু তিথিত তেখেতলৈ শ্ৰদ্ধাঞ্জলি জনাই ভট্টাচাৰ্যই কয় যে, ভৱিষ্যত প্ৰজন্মৰ বাবে ৰাভাৰ বিষয়ে গৱেষণা কৰাৰ বাবে উপযোগী ব্যৱস্থা গঢ়ি তুলিব লাগে ।
তেওঁ কয় যে, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা নটসূৰ্য ফণী শৰ্মা আৰু সুধাকণ্ঠ ভূপেন হাজৰিকাৰ নামত এখন আসন সংৰক্ষণ কৰি ভৱিষ্যত প্ৰজন্মৰ গৱেষণাৰ বাবে চৰকাৰে উপযোগী কৰি তুলিব লাগে । আনহাতে, অসম চৰকাৰে বিশ্ববিদ্যালয়ৰ এই আসনৰ বাবে নিজাববীয়াকৈ খৰচ বহন কৰি লাগে ।
পাঠ্যক্ৰমত কলাগুৰুৰ সৃষ্টিৰাজি সন্নিবিষ্ট কৰি ভৱিষ্যৎ প্ৰজন্মৰ বাবে উপযোগী কৰি তোলাৰ বাবেও চৰকাৰক দাবী জনায় ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই । তেওঁ লগতে কয় যে, যি দৰে ৰবীন্দ্ৰনাথ ঠাকুৰৰ নামত ৰবীন্দ্ৰ ভৱন আছে তেনেদৰে অসমৰ এই মহান মনীষী কেইগৰাকীৰ নামত ভৱনৰ প্ৰয়োজনীয়তা আছে ৷ ইয়াৰ পৰা ভৱিষ্যৎ প্ৰজন্মই শুদ্ধ স্বৰলিপিত গীত পৰিৱেশন আৰু শিকিব পাৰিব ।
মঙলবাৰে তেজপুৰৰ নেহেৰু মৈদানত সদৌ অসম ছাত্ৰ সন্থাই কেন্দ্ৰীয়ভাৱে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ৫৫ সংখ্যক মৃত্যু দিৱস অনুষ্ঠিত কৰিছে । ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ লগতে মুখ্য উপদেষ্টা ভট্টাচাৰ্য, ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱা প্ৰমুখ্যে বিষয়ববীয়া সকল উপস্থিত থাকে এই অনুষ্ঠানত । তেজপুৰত ১৭ জুনৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু দিৱস উদযাপন কৰা হৈছে ।